আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বৰপেটাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এখন বৃহৎ জনসভা অনুষ্ঠিত হব। বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত হব এই সভাৰ।
উল্লেখ্য যে মিত্রজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্রচাৰ চলাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এই জনসভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা, চন্দ্ৰমোহন পাটোৱাৰী আদি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।