গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত কামৰূপ জিলাৰ উদ্যমীসকলক সামৰি বৃহস্পতিবাৰে এখন উদ্যমী সম্মিলন অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্র প্রাংগনত অনুষ্ঠিত সম্মিলনখনত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ গুৱাহাটীৰ কৃষি প্রযুক্তি প্রয়োগ গবেষণা কেন্দ্ৰৰ সঞ্চালক ডঃ কট্রিভেল মুখ্য অতিথি হিচাপে উপস্থিত থাকি উদ্যমিতা বিকাশৰ বিভিন্ন দিশ সন্দর্ভত আলোকপাত কৰে।
বস্তি প্রজ্বলনেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানৰ আদৰণী ভাষণত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাই বিশিষ্ট অতিথিসকল তথা উদ্যমীসকলক আন্তৰিক অভিনন্দন জনায়। অসম কৃষি বিশ্ববিদ্যালয়ৰ চি বি বি অ’ৰ ভাৰপ্ৰাপ্ত বিষয়া ডঃ প্রমোদ চন্দ্র ডেকাই উদ্যমিতা বিকাশৰ প্ৰচেষ্টাক শলাগ জনায়। আমন্ত্রিত অতিথি হিচাপে ডঃ ৰমণী কান্ত ঠাকুৰীয়াই অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ উদ্যমিতা বিকাশৰ বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ NEATE HUB ৰ সঞ্চালক ডঃ ডেনিছ তামুলীয়ে ভার্চুৱেলী অনুষ্ঠানত অংশগ্রহণ কৰে।
অসমৰ আগশাৰীৰ উদ্যমী ভোগালী জলপান আৰু ডেফডিল নাৰ্ছাৰীৰ প্ৰতিষ্ঠাপক ক্রমে অজিত কুমাৰ শর্মা আৰু ডঃ ধ্রুবজ্যোতি শর্মাই উদ্যমীসকলৰ লগত মত বিনিময় কৰে। উদ্যমী সঞ্জীৱ কুমাৰ দাসে বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে। কেন্দ্ৰৰ বিজ্ঞানী ডঃ ইলাক্ষি ডেকা আৰু ডঃ দৰদী প্রিয়ম দুৱৰাই আঁত ধৰা অনুষ্ঠানটোত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াৰ লগতে বিভিন্ন দিশত কাম কৰি অহা ৫০ গৰাকী উদ্যমীক সম্বন্ধনা জনোৱা হয়।