কেন্দ্ৰীয় চৰকাৰে সীমান্ত সুৰক্ষিত বুলি ঘোষণা কৰি আহিলেও এতিয়াও বাংলাদেশৰ পৰা ত্ৰিপুৰা সীমান্তৰে প্ৰৱেশ কৰি অসমসহ দেশৰ আন ৰাজ্যলৈ যাত্ৰীবাহী ৰেলেৰে অব্যাহত আছে বাংলাদেশী ৰোহিংগীয়াৰ অবৈধ অনুপ্ৰৱেশ। ইয়াৰ মাজতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে (RPF) চৰকাৰী ৰেলৱে আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত ১৭ মাৰ্চত ত্ৰিপুৰা সীমান্ত পাৰ হৈ ৰেলেৰে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ৩ জন ৰোহিংগীয়া বাংলাদেশীক আগৰতলা ৰেলৱে ষ্টেছনত আটক কৰা হয়।
উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই জানিবলৈ দিয়া মতে আটক কৰা ৰোহিংগীয়া সকলৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে আগৰতলাৰ চৰকাৰী ৰেলৱে আৰক্ষীক গতাই দিয়া হয়। তেওঁলোকে আগৰতলাৰ পৰা কলকাতা অভিমুখী ১৩১৭৪ কাঞ্চনজংঘা এক্সপ্ৰেছৰে আহিবলৈ ধৰাৰ মূহুৰ্তত আগৰতলা ৰেলৱে ষ্টেচনত আটক কৰা হয়। ২০২৩ – ২৪ বিত্তীয় বৰ্ষত এই পৰ্যন্ত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিভিন্ন ৰেলৱে ষ্টেচন আৰু ৰেলত আৰ পি এফে চলোৱা অভিযানত মুঠ ৩৪০ জন বাংলাদেশী ৰোহিংগীয়াক আটক কৰা হয়।