গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰ শ্রী শ্রী মহাৰুদ্র যজ্ঞ পৰিচালনা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে দিন হাজিৰা কৰি চলি থকা ২১ টা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। তেওঁলোকক কিছু সকাহ দিয়াৰ লক্ষ্যৰে বিতৰণ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছে ৫ কিলো আইজং চাউল, ২ কিলো জহা চাউল, ১ কিলো মুগ দাইল, ১ কিলো ৰহৰ দাইল, ১ লিটাৰ মিঠাতেল, ১ কিলো নিমখ, ২ কিলো আলু , ১ টা ৰঙালাও, বিস্কুট ৩ পেকেট, খোৱাপানীৰ বটল ১ কেচ আৰু ঘি ১ কিলো।
বিতৰণ কাৰ্যসূচীত ভাগ লৈ যজ্ঞ পৰিচালনা সমিতিৰ হৃষিকেশ দাসকে ধৰি কেবাজনো কৰ্মকৰ্তাই কয় আমি সকলোৱে মানৱ ধর্ম পালন কৰিলেহে প্ৰকৃত ধৰ্ম পালন কৰা হব। উল্লেখ্য যে দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা বাবে শ্রী শ্রী মহাৰুদ্র যজ্ঞ পৰিচালনা সমিতিক ৰাইজে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।