মেষঃ মেষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অশান্তিৰ কাৰক। মানসিক দিশতো অশান্তি হ’ব পাৰে। প্ৰেম-পাৰিবাৰিক দিশত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ চিন্তা বাঢ়িব। সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজতো কিছু লাভ হ’ব পাৰে। বাণিজ্য , কৰ্ম আৰু আৰ্থিকত সামান্য লাভ হ’ব। ৰাজনীতি আৰু সমাজকৰ্মীৰ মনৰ অশান্তি বাঢ়িব।
বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অশান্তিৰ কাৰক। ডিঙিৰ ওপৰফালে ৰোগত আক্ৰান্ত হ’ব পাৰে। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শান্তিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। শিক্ষাৰ্থীৰ চিন্তা-ভাবনা বাঢ়িব। সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজতো কিছু পৰিমাণে শুভ কাৰক হ’ব। আৰ্থিকত শুভ কাৰক।
মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সামান্য ৰোগৰ যোগ। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত উন্নতিত বাধাৰ মাজাতো কিছু লাভৱান হ’ব। বিদ্যাৰ্থীৰ প্ৰগতিৰ বাধকতাৰ যোগ। শিল্পী, সাহিত্যিকৰ নিৰাশাৰ মাজতো কিছু শুভকাৰক হ’ব। ৰাজনীতিক, সমাজকৰ্মী আৰু সাংবদকৰ্মীৰ ব্যস্ততা সত্ত্বেও অশান্তি থাকিব।
কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতা আৰু মানসিক অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ নিজৰ ভৱিষ্যতৰ কাৰণে চিন্তা বৃদ্ধিৰ যোগ। মাজনিশাৰ পৰা শুভ কাৰক। শিল্পী, সাহিত্যিকৰ আৰ্থিক সমস্যা আৰু চিন্তাৰ মাজতো উৎসাহ বৃদ্ধিৰ যোগ। প্ৰেম আৰু পাৰিবাৰিকত সন্দেহ থাকিব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতো কিছু লাভ হ’ব।
সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ আৰু মনৰ কিছু অশান্তি বাঢ়িব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থী আৰু শিল্পীৰ অশান্তিৰ মাজতো সামান্য লাভৰ যোগ। সাহিত্য-সংস্কৃতিত যুক্তসকলৰো অশান্তি, কষ্ট সত্ত্বেও লাভজনক হ’ব। সংবাদসেৱা, সংমাজকৰ্ম আৰু ৰাজনীতিত জড়িত ব্যক্তিৰ শুভ কাৰক।
কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যোগ। মনৰ অশান্তি থাকিব। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু শুভ কাৰক। শিক্ষাৰ্থীৰ সামান্য উন্নতি সাধন হ’ব। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীৰ কিছু পৰিমাণে উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকৰ সফলতাৰ যোগ। প্ৰেম-প্ৰীতি আৰু আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ।
তুলাঃ তুলা ৰাশিৰ আজি নিশাৰ পৰা শৰীৰৰ শুভ হ’ব পাৰে। মনৰ উৎসাহ হ্ৰাস পাব। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত বাধা। সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজতো উন্নতিমূলক কাম-কাজত জড়িত হ’ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ আশানুৰূপ সফলতা লাভ।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও মাজনিশাৰ পৰা অশান্তি হ’ব পাৰে। মানসিক ক্ষেত্ৰত উৎসাহিত হ’ব। প্ৰেম-প্ৰীতি, সাংসৰিকত অশুভ। শিক্ষাৰ্থীৰ উচ্চবিদ্যাৰ নামত অশান্তি বাঢ়িব। সাহিত্যিক আৰু শিল্পীৰ অশান্তিৰ মাজতো উন্নতি কাৰক। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকল লাভৱান হ’ব।
ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে যথেষ্ট শুভ কাৰক যদিও মাজনিশাৰ পৰা কিছু অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ অশান্তিৰ মাজতো উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতাৰ যোগ। আৰ্থিক, কৰ্ম আৰু বাণিজ্যত অশান্তি হ’ব পাৰে।
মকৰঃ মকৰ ৰাশিৰ আজি মাজনিশাৰ পৰা শৰীৰৰ শুভকাৰক যোগ। মনৰো দুশ্চিন্তা হ’ব পাৰে। প্ৰেম-পাৰিবাৰিকত কিছু শুভ কাৰক। শিক্ষা, সাহিত্য, সংস্কৃতিৰে জড়িতসকলে হতাশাত ভোগাৰ যোগ। আৰ্থিক, ব্যৱসায় আৰু কৰ্মত বাধা সত্ত্বেও লাভৱান হ’ব।
কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ কিছু শুভ কাৰক যদিও নিশালৈ অশান্তিৰ যোগ। মানসিক অশান্তিও বৃদ্ধিহ’ব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ নতুন আশাৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ নিৰাশাৰ মাজতো কিছু উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক হ’ব।
মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুখ-শান্তিত থাকিব যদিও সন্ধিয়াৰ পৰা সুখ-শান্তিত বাধা হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত দুশ্চিন্তা থাকিব। শিক্ষাৰ্থীৰ নতুন পৰিকল্পনাত খেলিমেলি হ’ব পাৰে। সাহিত্যিক, শিল্পীসকলৰ মনৰ অশান্তিৰ মাজতো উৎ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তি লাভৰ যোগ। প্ৰেম-পাৰিবাৰিক দিশত শুভ।