পশ্চিম গুৱাহাটীৰ পৌৰ নিগম এলেকাৰ এক নম্বৰ ৱাৰ্ডটো সমষ্টি পুনৰ গঠনৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত অন্তৰ্ভূক্ত হোৱাৰ পাছত অধিক উন্নয়নৰ স্বাৰ্থত ৰাইজে অন্তৰ্ভূক্তি কৰণৰ সিদ্ধান্তক আদৰণি জনাইছিল। তাৰ মাজতে ৰমজান মাহত সমষ্টিৰ সংখ্যালঘু লোকৰ সুখ সমৃদ্ধি কামনা কৰি অহাৰ সমান্তৰালকৈ প্ৰতিটো মছজিদত ইফটাৰ সামগ্ৰী বিতৰণ কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত সময়চোৱাত যি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল তাত প্ৰথমবাৰৰ বাবে অন্তৰ্ভূক্ত হৈছে সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰীত অন্তৰ্ভূক্ত হোৱা পশ্চিম গুৱাহাটীৰ অঞ্চলসমূহৰ মছজিদ সমূহ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজেপি দলৰ গুৱাহাটী বিশ্ববিদ্যালয় মণ্ডল সমিতিয়ে কালি সন্ধিয়া গুৱাহাটী পৌৰ নিগম এলেকাৰ গাড়ীগাঁৱৰ ৯ টা মছজিদত ইফটাৰৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। প্ৰতিটো মছজিদ সমিতিক কিছু পৰিমাণৰ আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয় ইফটাৰৰ সামগ্ৰী বিতৰণৰ কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয় মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক মনোজ দাসকে ধৰি কেবাজনো কাৰ্যকৰ্তা, মণ্ডল সমিতিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি চিৰাজুল হক, উপ সভাপতি ফাইজুৰ আলী, সম্পাদক জয়নুল হক (জয়) কে ধৰি মৰ্চাৰ কেবাজনো কাৰ্যকৰ্তা উপস্থিত থাকে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ইফটাৰৰ সামগ্ৰীৰ লগতে প্ৰতিটো জামাতক এক পত্ৰযোগে পৱিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰাও পৰিলক্ষিত হয়।
শুভেচ্ছা পত্ৰখনত মুখ্যমন্ত্ৰীয়ে কয় – ৰমজান এটি পবিত্ৰ মাহ।মহান আল্লাহ (তা:)ৰ সৃষ্টিত সকলোতকৈ শ্ৰেষ্ঠ আৰু ফজিলতৰ মাহ। এই মাহত ৰোজাদাৰ সকলক অকণমান ইফটাৰৰ ব্যৱস্থা কৰি দিব পৰাটো এক পৰম সৌভাগ্য বুলি উল্লেখ কৰি ৰাজ্যখনৰ প্ৰতিটো অঞ্চলৰ আৰু প্ৰতিটো ঘৰত যাতে শান্তি অটুট থাকে তাৰ বাবে মহান আল্লাহৰ ওচৰত দোৱা কৰিবলৈ সকলোকে আহ্বান জনায়৷ তদুপৰি ৰাষ্ট্ৰ আৰু অসমৰ বিকাশৰ গতি অধিক দ্ৰুত হোৱাৰ কামনাৰে মহান আল্লাহ তা-আলাৰ ওচৰত দোৱা কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী ৰাইজক অনুৰোধ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু ৰাইজৰ প্ৰতি দেখুৱাই অহা এনে মহানুভৱতাক শলাগ লয় গাড়ীগাঁৱৰ মুছলমান সমাজৰ বহুতে ডঃ শৰ্মাৰ এই মহানুভৱতাৰ শলাগ লৈ ধন্যবাদ জ্ঞাপন কৰি তেওৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।