নিৰ্বাচন আয়োগে নির্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ লগে লগে ৰাজ্যৰ আন লোকসভা সমষ্টিৰ দৰে গুৱাহাটী লোকসভা সমষ্টিতো নির্বাচনী ৰণডংকা বাজি উঠিছে। সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ দৰে ১০ টা বিধানসভা সমষ্টি থাকিলেও পূৰ্বৰ হাজো আৰু বৰক্ষেত্ৰী সমষ্টি দুটা বাদ দিয়া হৈছে নতুনকৈ গঠন হোৱা গুৱাহাটী লোকসভা সমষ্টিত। তাৰ সলনি কামৰূপ মহানগৰ জিলাত অন্তৰ্ভূক্ত হোৱা নতুন এটা সমষ্টি আৰু গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টি অন্তৰ্ভূক্ত কৰাৰ ফলত ইয়াৰ পৰিসীমাও সলনি হৈছে। পূৰ্বতে গুৱাহাটী লোকসভা সমষ্টিত নলবাৰী জিলাৰ বৰক্ষেত্ৰী, গোৱালপাৰা জিলাৰ দুধনৈ, কামৰূপ জিলাৰ হাজো, বকো, ছয়গাঁও আৰু পলাশবাৰী, কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী, দিছপুৰ, পশ্চিম গুৱাহাটী আৰু পূৱ গুৱাহাটী বিধানসভা সমষ্টি অন্তর্ভুক্ত আছিল। এতিয়া সমষ্টি পুনৰ গঠন হোৱাৰ পাছত গুৱাহাটী লোকসভা সমষ্টিত কামৰূপ জিলাৰ জিলাৰ বকো – ছয়গাঁও, ছমৰীয়া আৰু পলাশবাৰী, গোৱালপাৰা জিলাৰ গোৱালপাৰা পশ্চিম আৰু দুধনৈ, কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী, দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি অন্তর্ভুক্ত হৈছে। সমষ্টিটোত বিজেপিয়ে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন ডেপুটী মেয়ৰ বিজুলী কলিতা মেধিক আৰু কংগ্ৰেছে মীৰা বৰঠাকুৰক টিকট প্রদান কৰিছে। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছৰে পৰাই দুয়োটা দলৰে দুয়োজন প্ৰাৰ্থীয়ে কৰ্মী – সমৰ্থক সকলক লৈ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ব্যাপক তৎপৰতাৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
উল্লেখ্য যে বিজেপি-অগপ মিত্ৰজোটৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে ৰবিবাৰে পশ্চিম গুৱাহাটী সমষ্টিৰ ভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। মিত্ৰজোটৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে ৰবিবাৰে দিনৰ ১১ বজাত গড়ল ভট্টাপাৰাস্থিত মনসা মন্দিৰত সেৱা লোৱাৰ লগতে দিনৰ ১২ বজাত ধাৰাপুৰস্থিত বিষ্ণু মন্দিৰত আশিস লয়। ইয়াৰ পিছত সদিলাপুৰ নদীপাৰ নামঘৰত সেৱালৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে বিয়লি ৩ বজাত অগপ আৰু বিজেপিৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাৰ সৈতে ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত এখন যৌথ বৈঠকত মিলিত হয়। বৈঠকত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি তপন চন্দ্ৰ দাস, অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী নেতা উপস্থিত থাকে। বৈঠকত বিজেপিয়ে সমষ্টিটো নিজৰ দখললৈ নিবৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্রহণ কৰাৰ বাবে দৃঢ় মতপোষণ কৰে।
উল্লেখ্য যে ২০ লাখৰো অধিক ভোটাৰ থকা সমষ্টিটো ২০০৯ চনৰ পৰা একেৰাহে বিজেপিৰ দখলত আছে। বিগত ২০১৯ চনত সমষ্টিটোত বিজেপিৰ কুইন ওজাই প্ৰায় ১০ লাখ ১০ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ববিতা শৰ্মাই লাভ কৰিছিল প্ৰায় ৭ লাখ ৬৫ হাজাৰ ভোট। তেনেদৰে সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৮০.৮৬ শতাংশ। তাৰ ভিতৰত বিজেপিয়ে লাভ কৰিছিল ৫৭.২ শতাংশ আৰু কংগ্ৰেছে লাভ কৰিছিল ৩৭.৬ শতাংশ।