ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ হ’ল প্ৰাক্তন ক্ৰিকেটাৰ। ৰিয়ানক দলত স্থান দিয়াক লৈ সমালোচনা কৰা কেইবাজনো ক্ৰিকেটাৰে এতিয়া ৰিয়ানক প্ৰশংসাৰে উপচায় দিছে। দিল্লীৰ বিৰুদ্ধে খেলা বৃহস্পতিবাৰৰ মেচখনত ৰিয়ান পৰাগে দলৰ বিপদৰ সময়ত দায়িত্বশীল বেটিঙেৰে মাত্ৰ ৩৪ টা বলতে অৰ্ধশতক অৰ্জন কৰে। মেচখনত ৰিয়ানে মুঠ ৪৫ টা বলত ৮৪ ৰাণ সংগ্ৰহ কৰে। যিসময়ত দলটোৰ যশস্বী জয়ছোৱাল, সঞ্জু চেমচন, জছ বাটলাৰৰ দৰে ক্ৰিকেটাৰসকল ব্যৰ্থ হ’ল সেই সময়তে ৰিয়ানে আহি দলৰ ইনিংছ চম্ভালে।
ৰিয়ানৰ এনে প্ৰদৰ্শনত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে দলটোৰ জ্যেষ্ঠ ক্ৰিকেটাৰসকল। বিশেষকৈ ইৰফান পাঠানে এইবাৰ ঘৰুৱা ক্ৰিকেটত ৰিয়ানৰ প্ৰদৰ্শন দেখি IPLত পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰিব পাৰিব বুলি পূৰ্বানুমান কৰিছিল। সেই পূৰ্বানুমান সত্য হোৱাত এতিয়া ইৰফান পাঠানে আগন্তুক দুবছৰত ৰিয়ানে ভাৰতৰ হৈ খেলিব বুলিও ভৱিষ্যতবাণী কৰিছে। একেদৰে সুৰেশ ৰাইনায়ো ৰিয়ানে ভাৰতৰ হৈ খেলিব পাৰিব বুলি ভৱিষ্যতবাণী কৰিছে।