গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত ওলাইছে চোৰ। চিকিৎসালয়ত ৰোগীৰ পৰা চোৰে চুৰ কৰিলে ধন। ৰোগীৰ পৰা ৩০ হাজাৰ টকা লৈ উধাও হ’ল চোৰ।
উল্লেখযোগ্য যে ২৮ ফ্ৰেব্ৰুৱাৰীৰ পৰা GMCH ত ভৰ্তি হৈ থকা বিশ্বনাথ চাৰিআলিৰ পবিত্ৰ গোৱালা নামৰ লোকজনৰ পৰা ৩০ হাজাৰ টকা লুটি নিলে চোৰে। মাটি সম্পত্তি বিক্ৰী কৰি অস্ত্ৰোপচাৰৰ বাবে আহিছিল ৰোগীজন। ডাইবেটিছ ৰোগী আছিল প্ৰবিত্ৰ গোৱালা। বুধবাৰে হ’বলগা অস্ত্ৰোপ্ৰচাৰৰ বাবে ৰাখিছিল টকাখিনি। এতিয়া উপায়হীন হৈ পৰিছে ৰোগীৰ পৰিয়ালটো। ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে ভোক্তভোগী পৰিয়ালটোৱে।