গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সৌজন্যত ৫ এপ্ৰিল, ২০২৪ তাৰিখে প্ৰয়াত অধ্যাপক তাৰিণী চৰণ ডেকাৰ সোঁৱৰণীত, তেখেতৰ পৰিয়ালৰ সহযোগত প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বক্তৃতানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত হলত সফলতাৰে অনুষ্ঠিত হৈ যায়। প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ সংগীত জিলিকাব লুইতৰে পাৰ পৰিৱেশনৰে আৰম্ভ কৰা অনুস্থানত অধ্যাপক প্ৰয়াত তাৰিণী চৰণ ডেকাৰ নাতি আমেৰিকা নিবাসী সংগীত বৰকাকতিয়ে এটি বৰগীত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে। উক্ত অনুষ্ঠানটিত আঁত ধৰে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়(স্ব:)ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপিকা ড: চন্দ্ৰশ্ৰী ভূঞাই। তেখেতে প্ৰয়াত অধ্যাপক ডেকাৰ এসময়ত গৱেষিকা ছাত্ৰী আছিল।
প্ৰাণী বিজ্ঞান বিভাগ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক তথা বিজ্ঞান গুৰু অধ্যাপক যোগেন চন্দ্ৰ কলিতাই আদৰণি ভাষণ আগবঢ়ায় আৰু অনুষ্ঠান ভাগত সভাপতিত্ব কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ দেৱে অনুষ্ঠান ভাগৰ শুভাৰম্ভ কৰে আৰু এনে অনুষ্ঠান আয়োজিত কৰাৰ বাবে তেখেতে অধ্যাপক ডেকাৰ পৰিয়ালবৰ্গ আৰু প্ৰাণী বিজ্ঞান বিভাগক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰশংসা কৰে। উল্লেখযোগ্য যে অধ্যাপক সন্দিকৈ দেৱে প্ৰাণী বিজ্ঞান বিভাগ দ্বাৰা আয়োজিত হৈ অহা একক, অনন্য অনুষ্ঠান বোৰৰ শলাগ লয় আৰু বিভাগৰ মুৰব্বী অধ্যাপক কলিতা দেৱৰ কৰ্ম দক্ষতা তথা বিভাগৰ সমূহ অধ্যাপক -অধ্যাপিকাৰ সহযোগিতাক প্ৰশংসা কৰে।
উল্লেখিত বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে ভাৰতৰ বিভিন্ন আগশাৰীৰ অনুষ্ঠানত উপাচাৰ্য্য আৰু সঞ্চালক ৰূপে সেৱা আগবঢ়োৱা তথা বৰ্তমান ‘Asian Institute of Public Health University’ৰ সন্মানীয় উপাচাৰ্য্য ৰূপে কাৰ্য্যনিৰ্বাহ কৰি থকা পদ্মশ্ৰী অধ্যাপক আদিত্য প্ৰসাদ ডাচ্ দেৱে। তেখেতেৰ বক্তৃতাৰ বিষয় আছিল “Climate Change Impact On Vector Borne Diseases” তেখেতে বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধি আৰু বতৰ পৰিৱৰ্তন এক স্পৰ্শকাতৰ বিষয়ৰ ওপৰত এক গভীৰ, তত্ত্বমূলক বক্তৃতা পৰদান কৰে। তেখেতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু বিভিন্ন ৰোগ সংক্ৰমণ কৰা বাহক (এন’ফিলিছ,কিউলেক্স আৰু এডিছ মহ) ৰ মাজত থকা সম্পৰ্ক আৰু ইয়াৰ প্ৰভাৱৰ তথ্য ভিত্তিক বক্তৃতা প্ৰদান কৰে। বৰ্তমান সময়ত গোটেই বিশ্বজুৰি কিছুমান বিশেষ বাহকৰ দ্বাৰা বিয়পা ৰোগ যেনে মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ আদি ৰোগে মানুহ স্বাস্থ্যৰ প্ৰতি যি ভাবুকি আনিছে তাৰ ওপৰতো তেখেতে আলোকপাত কৰে।
তেখেতে বক্তৃতাৰ সামৰণি বিখ্যাত ন’বেল বিজয়ী Steven Chu ৰ ‘People cause global warming. People with Science’s help can solve it’ শীৰ্ষক উক্তিৰে কৰে।
অনুষ্ঠান ভাগত বহু বৰেণ্য ব্যক্তি যেনে অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্য্য, (অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, প্ৰাণী বিজ্ঞান বিভাগ, গু:বি:), পদ্মশ্ৰী ড: জয়শ্ৰী গোস্বামী মহন্ত( বিশিষ্ট লেখিকা, প্ৰাক্তন ৰাজ্যসভাৰ সদস্যা)ৰ লগতে বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক – অধ্যাপিকা, গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী, গৱেষক -গৱেষিকা উপস্থিত থাকে। পদ্মশ্ৰী ড: জয়শ্ৰী গোস্বামী মহন্ত ডাঙৰীয়ানীয়ে প্ৰয়াত অধ্যাপক তাৰিণী চৰণ ডেকাৰ অধীনত গৱেষণা কৰাৰ সময়ৰ কথা লগতে অতীতৰ মধুৰ স্মৃতি ৰোমন্থন কৰে। প্ৰয়াত ডেকাৰ সহধৰ্মিণী অধ্যাপক (শ্ৰীযুতা) কিৰণ প্ৰভা ডেকা আৰু তেওঁলোকৰ পৰিয়ালৰ তৰফৰ পৰা আগবঢ়োৱা আৰ্থিক ন্যাসৰ পৰা প্ৰাণীবিজ্ঞান বিভাগত প্ৰথম স্থান প্ৰাপ্ত ছাত্ৰী ইপচাহ আখতাৰক বৃত্তি মূলক বঁটাও আগবঢ়োৱা হয় আৰু এই বঁটা অনাগত বৰ্ষবোৰতো প্ৰদান কৰি থাকিবলৈ প্ৰাণী বিজ্ঞান বিভাগলৈ পাঁচ লাখ টকাৰ এক আৰ্থিক অনুদান আগবঢ়ায়।
উক্ত অনুষ্ঠানৰ সামৰণি ড: বনশ্ৰী মেচ(সহকাৰী অধ্যাপিকা, প্ৰাণী বিজ্ঞান বিভাগ, গু:বি:) ৰ শলাগৰ শৰাইৰে কৰা হয়।