গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্যোগত অহা ২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে বিশ্ববিদ্যালয় চৌহদত জনগোষ্ঠীয় খাদ্য আৰু সাংস্কৃতিক মহোৎসৱ – ২০২৪ৰ আয়োজন কৰা হৈছে। মহোৎসৱত বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জাতি – জনগোষ্ঠীৰ অংশগ্ৰহণকাৰী সকল একত্ৰিত হৈ তেওঁলোকৰ বৈচিত্ৰময় সংস্কৃতি পৰম্পৰা, ঐতিহ্য, সংগীত, নৃত্য কলা, খাদ্যাভ্যাস ইত্যাদি পৰস্পৰক বিনিময় আৰু অৱগত কৰাৰ লগতে প্ৰদৰ্শন কৰিব পাৰিব। উৎসৱত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰখ্যাত মাষ্টাৰচেফ ইণ্ডিয়া নয়নজ্যোতি শইকীয়াৰ সৈতে ৰন্ধন কলাৰ বিশেষ যাদু সূচনা হ’বl
উল্লেখযোগ্য যে এই সাংস্কৃতিক মহোৎসৱত দুখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। তাৰ ভিতৰত লোক নৃত্য প্ৰতিযোগিতাত (দলীয়) কেৱল দশম শ্ৰেণীৰ পৰা স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লব পাৰিব। এই প্ৰতিযোগিতাখন ২৯ এপ্ৰিলত অনুষ্ঠিত হব। তেনেদৰে জনগোষ্ঠীয় ৰন্ধন প্ৰতিযোগিতা বয়সৰ কোনো সীমা নোহোৱাকৈ সকলোৰে বাবে মুকলি থাকিব আৰু প্ৰতিযোগিতাখন ৩০ এপ্ৰিলত অনুষ্ঠিত হবl বিজয়ী আৰু অংশগ্ৰহণকাৰী সকলে নগদ পুৰস্কাৰ আৰু ৰোমাঞ্চকৰ উপহাৰৰ হেম্পাৰ লাভ কৰিব পাৰিবl