গুৱাহাটীৰ আইকন প্ৰকাশনৰ উদ্যোগত প্ৰকাশিত বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাঃ গকুল বৰাৰ ৰচিত আৰু আইকন গ্ৰুপ অফ ইনষ্টিটিউটৰ ৰেক্টৰ সপোন দূৱৰাৰ দ্বাৰা অনুবাদ কৰা ‘A doctor’s Dary’ নামৰ গ্ৰন্থখন আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ গৌতম শৰ্মাই। আনহাতে এই উপলক্ষে সপোন দুৱৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ডঃ গৌতম শৰ্মাই চমু ভাষণত চিকিৎসা সেৱাৰ দৰে গুৰুত্বপুৰ্ণ বৃত্তিত নিয়োজিত হৈ থাকিও ডাঃ গকুল বৰাই বিগত সময়চোৱাত বহু মূল্যবান গ্ৰন্থ পাঠক সমাজক দি অহা কথাটোৰ শলাগ লৈ আৰু তেঁওৰ লিখনিয়ে সকলোকে আকৃষ্ট কৰি আহিছে বুলি ব্যক্ত কৰে।
তেনেদৰে শিক্ষাবিদ পৰাগ বৰঠাকুৰে চমু ভাষণত ডাঃ গকুল বৰাৰ সাহিত্যিক প্ৰতিভাৰ আলোকপাত কৰি তেওঁৰ লিখা সমুহ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত লিখা বাবে পাঠক সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰে। অনুষ্ঠানত ডাঃ গকুল বৰাই গ্ৰন্থখন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি কিহৰ তাগিদাত গ্ৰন্থ ৰচনা কৰি আহিছে তাক বিবৰি কয়। আনহাতে সাংবাদিক শিবানু শইকীয়াই আঁত ধৰা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই আইকন গ্ৰুপ অফ ইনষ্টিটিউটৰ অধ্যক্ষ ডঃ আফাজুৰ ৰহমানে।
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ২০০৭ চনত গ্ৰন্থখন অসমীয়া ভাষাত প্ৰকাশিত হৈছিল আৰু পাঠকৰ অভূতপূৰ্ব সহাঁৰিৰ বাবে তিনিবাৰ প্ৰকাশিত হৈছিল। গ্ৰন্থখনত মুখ্যতঃ ডাঃ গকুল বৰাই বাস্তৱ লিখা সকলো কথাই জীৱনৰ অভিজ্ঞতা আৰু দৈনন্দিন জীৱনৰ পৰা শিকিছিল। ইয়াৰ লক্ষ্য হৈছে নতুন প্ৰজন্মক পুৰণি প্ৰজন্মৰ সৈতে সংযোগ কৰা।