হস্তী-মানুহৰ সংঘাতে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এই সংঘাতৰ ফলত বিভিন্নজনে অকালতে প্ৰাণ হেৰুৱাইছে। মঙলবাৰে পুৱা এটা অকলশৰীয়া বন্যহস্তীয়ে তাণ্ডৱ চলাই তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত। বন্যহস্তীটোৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা । অন্যহাতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগা হয় ।
প্ৰাপ্ত তথ্য অনুসৰি কাকপথাৰ অঞ্চলৰ ওপৰ উৱন গাঁৱৰ বাসিন্দা ৰূপম সন্দিকৈৰ ঘৰত আন দিনৰ দৰে আজি পুৱাতে কাম কৰিবলৈ ওলাই গৈছিল গাঁওখনৰে ৰঘূনাথ কোঁৱৰৰ পত্নী সুশীলা কোঁৱৰ (৫১) । তিনি সন্তানৰ মাতৃগৰাকীয়ে সন্দিকৈৰ ঘৰৰ চোতাল সাৰি থকাৰ সময়তে এটা প্ৰকাণ্ড উন্মাদ হাতীয়ে সুশীলাক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰমী হাতীটো কাষৰে ওবন গাঁৱত প্ৰৱেশ কৰে ।
গুৰুতৰভাৱে আহত সুশীলা কোঁৱৰক ততাতৈয়াকে কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ৰ পিছতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ঘটনাস্থলীত বন বিভাগৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ সুশীলাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আনফালে এই দুৰ্ঘটনাৰ এক বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে জিলা আয়ুক্ত স্বপ্নীল পালে । তেওঁ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালে যাতে অনতিবিলম্বে ক্ষতিপূৰণ লাভ কৰে তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডুমডুমা ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়া বুলি জানিবলৈ দিছে ।