ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ NCCৰ উত্তৰ পূব মণ্ডলৰ অধীনৰ তিনিওটা শাখা ক্ৰমে – স্থল, নৌ আৰু বায়ু সেনাৰ সাতখন ৰাজ্যৰ দহদিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ (চি এ টি চি) আৰু আন্তঃ বেটেলিয়ান ক্ৰীড়া শ্বুটিং প্ৰতিযোগিতা শিবিৰ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদত ১৭ এপ্ৰিলৰ পৰা চলি আছে। NCCৰ গুৱাহাটী গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হোৱা আৰু অহা ২৭ এপ্ৰিলত সামৰণি পৰিবলগীয়া দুটাকৈ শিবিৰত জুনিয়ৰ, চিনিয়ৰ, গাৰ্লছসহ তিনিওটা শাখাৰ মুঠ ৫৬৫ জন কেডেটে ভাগ লৈছে। তাৰ ভিতৰত আন্তঃ বেটেলিয়ান শ্বুটিং প্ৰতিযোগিতাত ৩১১ জন আৰু চি এ টি চিত ২৫৪ জন কেডেটে ভাগ লৈছে। আন্তঃ বেটেলিয়ান স্যুটিং প্ৰতিযোগিতাৰ ৰাইফল চালনা সমূহ কাহিলীপাৰাত থকা চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চৌহদত থকা ফায়াৰিং ৰেঞ্জত অনুষ্ঠিত হৈছে। ইতিমধ্যে তাত নিৰ্বাচিত কেডেট সকলে তামিলনাডুৰ তিৰুচিৰাপল্লীত অহা ২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া NCCৰ সৰ্বভাৰতীয় আন্তঃ সঞ্চালকালয় ক্ৰীড়া শ্বুটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব।
আনহাতে বৃহস্পতিবাৰে NCCৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান, মেজৰ জেনেৰেল গগনদীপ সিঙে সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদত অনুষ্ঠিত হৈ থকা NCC শিবিৰ পৰিদৰ্শন কৰি কেডেট সকলৰ প্ৰশিক্ষণ কাৰ্যৰ বুজ লয়। তেঁও কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত – বিনিময় কৰি বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেডেট সকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত কেডেট সকলে নিজ নিজ ৰাজ্যৰ নৃত্য, গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। অনুষ্ঠানত NCCৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ দিনাকৰ দীঘে, শিবিৰত ভাগ লোৱা NCC বেটেলিয়ান আৰু ইউনিট সমূহৰ কমাণ্ডিং অফিচাৰ, প্ৰশিক্ষণ বিষয়া, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ সহযোগী NCC বিষয়া সকল উপস্থিত থাকে।