অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আহ্বানেৰে পৰিবহণ বিভাগে সম্ভাৱ্য প্ৰায় সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এতিয়া বিভিন্ন উৎসৱ-অনুষ্ঠানৰ সময়। এই সময়ত পথ-দুৰ্ঘটনাৰ সংখ্যায়ো অধিক। সেয়ে বিভিন্ন সাংস্কৃতিক মাধ্যমেৰে ৰঙালী বিহুৰ অনুষ্ঠানসমূহত সমবেত ৰাইজৰ মাজত সজাগতা সৃষ্টিত গুৰুত্ব দিছে। বৃহস্পতিবাৰে এই উপলক্ষে মহানগৰীৰ আদিংগিৰিত যুৱ কৃষ্টি সংঘৰ ৰঙালী বিহু সন্মিলনীৰ মঞ্চত জনপ্ৰিয় কন্ঠশিল্পী কল্লোল বৰঠাকুৰ,দীনেশ দাস, জয়সিং ৰংফাৰ আৰু ভূপেশ চৌধুৰীৰ কন্ঠত পথ-সুৰক্ষাৰ নীতি-নিয়ম বিষয়ক গীত আৰু বিহু-হুচৰি পৰিৱেশন কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে পথ-সুৰক্ষাৰ বাণীসমূহ সকলোৰে হৃদয়ঙ্গম হ’ব পৰাকৈ পথ-সুৰক্ষাক এক সংস্কৃতি হিচাপে গঢ়ি তুলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মানৱ সমাজৰ জ্ঞান বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, আইন-কানুন, শিল্পকলা আদি দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি ৷ সেয়ে পথ-সুৰক্ষাৰ নীতি-নিয়ম সমূহকো অন্যতম সংস্কৃতি হিচাপে গ্ৰহণ কৰিব পাৰিব লাগিব। ভাললগা গীতৰ কলি এটা মনত হঠাতে গুণগুনাই উঠাৰ দৰে পথ-সুৰক্ষাৰ নিয়মসমূহো মনত বাজি থাকিব লাগিব। কিয়নো এইসমূহ জনহীতাৰ্থে জাৰি কৰা হৈছে ৷ দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট পৰিধান কৰা, নিয়ন্ত্ৰিত গতিতহে বাহন চলোৱা,গাড়ী চলাওতে ম’বাইলত কথা নপতা, সুৰাপান কৰি গাড়ী নচলোৱা আদি সকলো নিয়ম আমাৰ সুৰক্ষিত জীৱনৰ আহ্বান আৰু সংস্কৃতি হিচাপে গ্ৰহণ কৰিব পাৰিলেহে আমি দুৰ্ঘটনামুক্ত হৈ থাকিব পাৰিম বুলিও পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।