আজি শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰেই আজিৰ দিনটো শ্ৰমিক দিৱসৰূপে উদযাপন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঐতিহাসিক শ্ৰমিক আন্দোলন আৰু শ্ৰমিক সকলৰ কষ্ট, ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই দিনটো উদযাপন কৰা হয়। ১৮৮৯ চনৰ আন্তৰ্জাতিক সমাজবাদী ফেডাৰেচন দলসমূহ আৰু ট্ৰেড ইউনিয়নসমূহে ১ মে’ৰ দিনটো প্ৰথমবাৰৰ বাবে শ্ৰমিকসকলৰ বাবে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তৰ অন্তৰালত আছিল ১৮৮৬ চনত আমেৰিকাৰ হেইমাৰ্কেটত সংঘটিত এটি দুৰ্ঘটনা ।
উল্লেখ্য যে, ১৮৮৬ চনৰ ৪ মে’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেইমাৰ্কেটত শ্ৰমিকসকলে নিজৰ দাবীৰে উলিওৱা এক প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষী আৰফু শ্ৰমিকসকলৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল বহুতে। তাৰেই শ্ৰদ্ধাঞ্জলিৰূপে প্ৰথমবাৰৰ বাবে মে’ দিৱস অথবা শ্ৰমিক দিৱস পালন কৰা হৈছিল।
এই প্ৰতিবাদৰ অন্ততেই পূৰ্বে দিনটোৰ প্ৰায়ভাগ সময় নূন্যতম মূল্যৰ বিনিময়ত শ্ৰম কৰা শ্ৰমিকসকলে ৮ ঘন্টা শ্ৰমদান, ৮ ঘন্টা বিশ্ৰাম আৰু ৮ ঘন্টা আমোদ-প্ৰমোদৰ বাবে লাভ কৰিছিল।