‘আমি ৰাইজৰ লগত থকা মানুহ। সদায় ৰাইজৰ বাবেই কাম কৰি যাম। আজি মাৰ সন্মুখত নিৰ্বাচন সভাত অংশ লৈ সুখী অনুভব কৰিছো। মা দুৰ্গাই সকলোকে কুশলে ৰাখিব’- এই মন্তব্য ৰিণিকি ভূঞা শৰ্মাৰ। বৃহস্পতিবাৰে ধাৰাপুৰস্থিত মা দূৰ্গা মন্দিৰ প্ৰাংগণত গুৱাহাটী লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলি কলিতা মেধীৰ নিৰ্বাচনি সভাত অংশগ্ৰহণ কৰি ৰিণিকি ভূঞা শৰ্মাই তৃতীয় বাৰৰ বাবে মোদী চৰকাৰক ক্ষমতাৰ শাসনত অধিষ্ঠিত কৰিবলৈ ৰাইজক আহ্বান জনায়। তদুপৰি তেখেতে মোদী চৰকাৰে ৰাইজৰ উন্নয়নৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা অভিলাষী আচনি সমূহৰো আভাস দাঙি ধৰে। উল্লেখ্য যে অসমত তৃতীয় পৰ্য্যায়ত অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া ৪ টা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান শেষ হ’বলৈ মাজতে তিনিদিনমান বাকী থকা অৱস্থাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দুই প্ৰধান দল ক্ৰমে-শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ প্ৰার্থী সকলে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। বিশেষকৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অধিক সন্মানীয় বুলি পৰিচিত গুৱাহাটী লোকসভাৰ আসনখন যাতে পুনৰবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অধীনত থাকে তাৰ বাবে বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু বিভিন্ন অঞ্চল বিশেষত নিৰ্বাচনী জনসভাৰ আয়োজন কৰিছে মিত্ৰজোঁটৰ নেতা সকলে।
দলৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহি বিজুলী কলিতা মেধিৰ হৈ এক বিশাল ৰোড শ্ব’ত ভাগ লৈছিল। ইফালে পশ্চিম গুৱাহাটী সমষ্টিৰ নগৰাঞ্চলৰ ১৬ টা ৱাৰ্ডত পূৰ্বৰ ধাৰাবাহিকতা যাতে অক্ষুণ্ণ থাকে তাৰবাবে বিগত দিনকেইটাত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আহিছে সমষ্টিটোৰ বিধায়ক তথা অগপ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কলিতাক নিৰ্বাচনী প্ৰচাৰ অভিযানত সহযোগ কৰিছে কেবাগৰাকী কেবিনেট মন্ত্ৰীয়ে। বিধায়ক তথা অগপ দলৰ শীৰ্ষ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই তিনিওজন মন্ত্ৰীক লগত লৈ ১৬ টা ৱাৰ্ডৰ বেছিভাগ ঠাইতে গৈ ৰাইজৰ মাজত পথ সভা অনুষ্ঠিত কৰি নৰেন্দ্ৰ মোদীক একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বৃহত্তৰ স্বাৰ্থত বিজুলী কলিতা মেধিক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনাইছে।