অহা ৭ মে’ত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ আজাৰা ৰাজহুৱা সভাঘৰ প্ৰাংগণত বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিশাল নিৰ্বাচনী সভাত ভাগ লয়। নিৰ্বাচনী সভাত “আকৌ এবাৰ মোদী চৰকাৰ” গীতৰ তালে তালে নাচি নাচি কয়–কংগ্ৰেছ আছিল সুতা-কম্বল, লুঙি-ধুতিৰ চৰকাৰ। কিন্ত আমি আঁচনি দিছো। আমাৰ বিজেপি চৰকাৰে দুখীয়া মানুহক কোনো ভেটী নোলোৱাকৈ চাকৰি দিছে, অৰুণোদয় দিছে, লাখপতি বাইদেউ আঁচনি দিছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ জীৱন বীমা কৰি দিয়া হব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই জীৱন বীমাৰ প্ৰিমিয়াম ৰাজ্য চৰকাৰে বহন কৰিব।
তাৰোপৰি প্ৰতিটো দুখীয়া পৰিয়ালৰ কণ্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আঁচনিৰ জৰিয়তে দায়িত্ব গ্ৰহন কৰা হব। মোদী চৰকাৰ অহাৰ পিছত দেশত সন্ত্ৰাসবাদী কাম-কাজ বিলাক নোহোৱা হৈছে। ইয়াৰ আগতেও মুখ্যমন্ত্ৰী আছিল, মই কাকো সমালোচনা নকৰো। মই নিজকে গৌৰৱ অনুভৱ কৰো যে মই যোৱা তিনি বছৰে মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমত ক’তো বোমা ফুটা নাই। যোৱা ২২ মাৰ্চৰ পৰা চাওঁতে চাওঁতে ৪৫ দিনত মই আন প্ৰাৰ্থীৰ দৰে নিজেও ধুবুৰীৰ পৰা শদিয়ালৈ অসমবাসী ৰাইজৰ লগত মিলি বহু সভা কৰিলোঁ। বিধানসভাত সৰ্বমুঠ ১২৬ খন আসনৰ ১০৫ টা বিজেপিয়ে পাব আৰু আমি ৰাজ্যত ১৩ খন আসন লাভ কৰিম। গতিকে আপোনালোকে পদুম ফুলৰ ছবিত বিজুলী কলিতা মেধিক ভোট দি জয়যুক্ত কৰক। বিজুলী বাইদেউক ভোট দিলে মোদীৰ আৰ্শীবাদ পাব আৰু ময়ো অধিক উদ্যমেৰে কাম কৰাৰ সাহস পাম বুলি ৰাইজক আহ্বান জনায়।
সভাত মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক তথা অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় – হাতী মানে পদুম, পদুম মানেই হাতী। গতিকে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিক পদুম ফুলৰ ছবিত ভোট দি জয়ী কৰক। বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে আঁত ধৰা সভাত বিধায়ক কলিতাৰ উপৰিও প্ৰাৰ্থী বিজুলী কলিতা মেধি , সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, আৰু অগপৰ সম্পাদক সুভাষ শৰ্মা, আজাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপিকে ধৰি অগপ – বিজেপি দলৰ কেবাগৰাকীও নেতা উপস্থিত থাকে। উল্লেখ্য যে কিনকিনিয়া বৰষুণক নেওচিও সভাখনত পশ্চিম গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগপ – বিজেপি দুয়োটা দলৰে কেবা হাজাৰ কৰ্মী – সমৰ্থক উপস্থিত থাকে। আনকি বৰষুণৰ মাজতেই মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাস্থলীৰ পৰা শুৱালকুছি অভিমুখে যাত্ৰা কৰে।