যক্ষ্মা ৰোগ নিয়ন্ত্ৰণৰ হকে কাম কৰি অহা অগ্ৰণী অনা চৰকাৰী সংগঠন ইয়োৰ প্ৰেছিয়াছ স্মাইলে ২১ মেত নলবাৰী জিলাৰ ১২০ গৰাকী যক্ষ্মা ৰোগীক নিক্ষ্য় মিত্ৰ হিচাপে নলবাৰী জিলাৰ স্বাস্থ্য বিষয়া ডাঃ কৈলাশ ডেকাৰ উপস্থিত আৰু টি বি স্বাস্থ্য বিষয়া ডাঃ শঙ্কৰ শৰ্মাৰ পৰিচালনাত এক পেকেটকৈ পুষ্টিকৰ খাদ্য বিতৰণ কৰে। সংগঠনটোৰ অধ্যক্ষা ডঃ দৰ্শনা গাৰ্গ, সম্পাদক চম্পক ভট্টাচাৰ্য আৰু সদস্য ডঃ নৱ জ্যোতি ডেকা অনুষ্ঠানত উপস্থিত থাকে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০২৫ ৰ ভিতৰত টি বি মুক্ত ভাৰত গঢ় দিয়াৰ যি লক্ষ্য তাক বাস্তৱত ৰূপায়িত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দুখীয়া লোকৰ মাজত হোৱা এই ৰোগৰ ৰোগীয়ে যাতে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্যৰ বাবে অভাৱ অনুভৱ নকৰে তাৰ বাবে সকলোৱে সহায়ৰ হাত আগবঢ়াব লাগে বুলিও কেওগৰাকী বক্তাই মন্তব্য কৰে। অনা চৰকাৰী সংগঠনটোৰ এই পদক্ষেপক সভাত উপস্থিত সকলোৱে শলাগ লয়।