অগপৰ প্ৰতিষ্ঠাপক কৰ্মী, গুৱাহাটী মহানগৰ সমিতিৰ উপদেষ্টা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উপ সভাপতি , মালিগাঁওৰ আদিংগিৰী নিৱাসী , উত্তৰ পূব সীমান্ত ৰেলৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেন্দ্ৰ নাথ তালুকদাৰৰ ২৫ মেৰ দিনা বাৰ্ধক্যজনিত কাৰণত ৮৮ বছৰত মৃত্যু হয়। ইফালে অগপৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টি কমিটিৰ উদ্যোগত প্ৰয়াত নৰেন্দ্ৰ নাথ তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লক্ষ্যৰে অহা ৩ জুনত মালিগাঁওৰ সমীপৰ বৃহত্তৰ আদিংগিৰি ৰাজহুৱা প্ৰেক্ষাগৃহত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
কমিটিৰ সভাপতি, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদকদ্বয় ভূপেন ঠাকুৰীয়া আৰু নাৰায়ণ মালাকাৰে এটা বিবৃতিত সিদিনা দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিবলৈ সমুহ অগপ কৰ্মী, শুভাকাংক্ষী, আঞ্চলিকতাবাদ বিশ্বাসী সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।