বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগৰ উৎসৱ স্বৰূপ ঈদ – উজ – আজহা উপলক্ষে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত সোমবাৰে পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয়। আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে জালুকবাৰীতো বিগত দিনত হৈ থকা বৰষূণৰ বাবে ঈদগাহ ময়দান জলমগ্ন হৈ থকাত উত্তৰ জালুকবাৰী এক নম্বৰ জামে মছজিদ আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদত পুৱা ৮ বজাত সমূহীয়া নামাজ সম্পন্ন কৰা হয়।
উত্তৰ জালুকবাৰী এক নং জামে মছজিদত সম্পন্ন হোৱা সমূহীয়া নামাজত ইমামতি কৰে মছজিদৰ ইমাম মৌলানা ছাহনুৰ ইছলামে আৰু উত্তৰ জালুকবাৰী বুঢ়া মছজিদত সমূহীয়া নামাজত ইমামতি কৰে মছজিদৰ ইমাম মৌলানা মুফটি মোৱাজুদ্দিনে। দুয়োটা মছজিদৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়া মতে নামাজৰ লগত সংগতি ৰাখি ইমাম, ঈদগাহ, মছজিদ, কবৰস্থানৰ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰা হয়।