ব্লু ষ্টাৰ লিমিটেডে আজি আগন্তুক গ্ৰীষ্মকালীন ছিজনৰ বাবে ‘বেষ্ট-ইন-ক্লাছ এফৰ্ডেবল’ ৰেঞ্জ আৰু ‘ফ্লেগশ্বিপ প্ৰিমিয়াম’ ৰেঞ্জকে ধৰি নিজৰ নতুন বিস্তৃত ৰেঞ্জৰ ৰুম এচি মুকলি কৰিছে। সামগ্ৰিকভাৱে কোম্পানীয়ে ইনভাৰ্টাৰ, ফিক্সড স্পীড আৰু উইণ্ড’ এচিৰ বৰ্ণালীত আৰু সকলো গ্ৰাহকৰ প্ৰাইচ পইণ্টসমূহ চিনাক্ত কৰি ১০০ৰো অধিক মডেল মুকলি কৰিছে।
অধিক ব্যৱহাৰযোগ্যতা, উপাৰ্জন বৃদ্ধি পোৱা মধ্যবিত্তীয় গ্ৰাহক আৰু এই শ্ৰেণীৰ বিলাসীতাতকৈ অধিক প্ৰয়োজনীয় হৈ পৰাৰ বাবে বজাৰত ৰুম এচিৰ যথেষ্ট চাহিদা দেখা গৈছে। বিশেষকৈ টায়াৰ ২, ৩ আৰু ৪ বজাৰৰ লগতে ৰিপ্লেচমেণ্ট বজাৰত প্ৰথমবাৰৰ বাবে ক্ৰেতাসকলৰ পৰা কোম্পানীটোৱে চাহিদা লাভ কৰিছে। ব্লু ষ্টাৰে এই ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে বহুতো সামগ্ৰী মুকলি কৰিছে, এই এচিসমূহৰ উৎপাদন, অনুসন্ধান আৰু বিকাশ তথা উদ্ভাৱন ক্ষমতাৰ সহায় লৈ নতুন, পৃথক আৰু শ্ৰেণীৰ ভিতৰতে শ্ৰেষ্ঠ এচিসমূহ মুকলি কৰিছে।
কোম্পানীটোৱে ইনভাৰ্টাৰ স্প্লীট এচি ছেগমেণ্টত তিনিটা ছেগমেণ্ট মুকলি কৰিছে। ইয়াৰ ভিতৰত আছে ২ ষ্টাৰ, ৩ ষ্টাৰ, আৰু ৫ ষ্টাৰ ভেৰিয়েণ্টৰ ফ্লেগশ্বিপ, প্ৰিমিয়াম আৰু সুলভ ৰেঞ্জ, যিবোৰ ০.৮ টিআৰৰ পৰা ২.২ টিআৰলৈকে বিভিন্ন শীতল ক্ষমতাত উপলব্ধ, যিসমূহৰ প্ৰাৰম্ভিক মূল্য ২৯,৯৯০ টকা।
শেহতীয়াকৈ মুকলি কৰা নতুন এচিসমূহত গ্ৰাহকৰ অনুকূল বিভিন্ন বৈশিষ্ট্য সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত আছে ‘এআই প্ৰ’’ নামৰ এটা নতুন উদ্ভাৱনী বৈশিষ্ট্য, যি হৈছে বিভিন্ন পেৰামিটাৰ অনুভৱ কৰা, এডজাষ্ট কৰিব পৰা আৰু সৰ্বোচ্চ আৰাম প্ৰদান কৰা এক জটিল আৰু স্বজ্ঞাত এলগৰিদম। ইয়াৰ লগতে এইবোৰত দ্ৰুত শীতলতাৰ বাবে ‘টাৰ্বো কুল’ৰ দৰে সুবিধা ৰখা হৈছে; ‘কনভাৰ্টিবল ৬-ইন-১ কুলিং’ য’ত গ্ৰাহকে শীতল ক্ষমতা ওপৰলৈ বা তললৈ সলনি কৰিব পাৰে; আৰু নেনো ব্লুপ্ৰটেক্ট প্ৰযুক্তি আৰু হাইড্ৰফিলিক ‘ব্লু ফিন’ আৱৰণ, আইডিইউ আৰু অ’ডিইউ দুয়োটাৰে বাবে কইলৰ জাৰণ(কৰছন) আৰু লিকেজ ৰোধ কৰিবলৈ আৰু ক্ৰমে দীৰ্ঘসময় ব্যৱহাৰৰ বাবে এই সুবিধা আগবঢ়োৱা হৈছে। আন কিছুমান অনন্য বৈশিষ্ট্যৰ ভিতৰত আছে ডিজিকিউ পেণ্টা চেন্সৰ, যিয়ে অতুলনীয় সঠিকতা আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰে; একেধৰণৰ শীতলতাৰ বাবে এটা ৪-ৱে ছুইং(দোলন); দ্ৰুত আৰু ফলপ্ৰসূ শীতলতাৰ বাবে উচ্চ শীতল কাৰ্যক্ষমতা; প্ৰতি ০.৫ ডিগ্ৰী চেলছিয়াছত উষ্ণতা নিৰ্ধাৰণৰ বাবে নিখুঁত শীতল প্ৰযুক্তি আৰু নিৰ্মল বায়ুৰ বাবে সক্ৰিয় কাৰ্বনৰ সৈতে এটা পিএম২.৫ ফিল্টাৰ ইত্যাদি। নতুনকৈ মুকলি কৰা সকলো ব্লু ষ্টাৰ ইনভাৰ্টাৰ এচি স্মাৰ্ট ৰেডি আৰু এটা পৃথক স্মাৰ্ট মডিউল সংযোজন কৰি স্মাৰ্ট এচিলৈ উন্নীত কৰিব পাৰি। ব্লু ষ্টাৰৰ ইনভাৰ্টাৰ এচিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল অপাৰেটিং ভল্টেজৰ বিস্তৃত পৰিসৰ, যাৰ ফলত বাহ্যিক ভল্টেজ ষ্টেবিলাইজাৰৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰে।
কোম্পানীটোৱে ‘ছুপাৰ এনাৰ্জি-ইফিচিয়েণ্ট এচি,’ ‘হেভি-ডিউটী এচি,’ ‘স্মাৰ্ট ৱাই-ফাই এচি,’ ‘হট এণ্ড কল্ড এচি’ আৰু ‘এণ্টি-ভাইৰাছ টেকন’লজিৰ সৈতে এচি’কে ধৰি বিভিন্ন সময়োপযোগী ফ্লেগশ্বিপ মডেল মুকলি কৰিছে। ইয়াৰ লগতে নিজৰ সমৃদ্ধ উত্তৰাধিকাৰৰ স্মৃতিত ৮০ বছৰীয়া স্পেচিয়েল এডিছনৰ এচি মুকলি কৰিছে। এই মডেল বিস্তৃত শেহতীয়া প্ৰযুক্তিৰ শক্তিৰে ভৰপূৰ আৰু ইয়াত কেইবাটাও উদ্ভাৱনীমূলক বৈশিষ্ট্য আছে, যাৰ ফলত ই দেশৰ ভিতৰতে উপলব্ধ আটাইতকৈ উন্নত এয়াৰ কণ্ডিচনাৰ।
গ্ৰাহকক সুলভ মূল্যত ব্লু ষ্টাৰৰ এয়াৰ কণ্ডিচনাৰসমূহে ব্যতিক্ৰমী শীতলতা প্ৰদান কৰাৰ লগতে নিজৰ গুণগত মান, নিৰ্ভৰযোগ্যতা আৰু বহনক্ষমতাৰ বাবে সুপৰিচিত। কোম্পানীয়ে ইনভাৰ্টাৰ কম্প্ৰেছাৰৰ ওপৰত জীৱনজোৰা ৱাৰেণ্টী, পিচিবিসমূহৰ ওপৰত ৫ বছৰৰ ৱাৰেণ্টী আৰু এই সামগ্ৰীসমূহৰ বাবে সহজ বিত্তীয় বিকল্প প্ৰদান কৰে।
২০১১ত কোম্পানীটোৱে আৱাসিক এচি ছেগমেণ্টত বিনিয়োগৰ পিছৰে পৰা এই ছেগমেণ্টত ব্লু ষ্টাৰে নিজৰ শক্তি বৃদ্ধি কৰিছে, বছৰৰ পিছত বছৰ ধৰি এই উদ্যোগটোত আউটপাৰ্ফৰ্ম কৰিছে। কোম্পানীটোৱে বিত্তীয় বৰ্ষ ২৬ৰ ভিতৰত ৰুম এয়াৰ কণ্ডিচনাৰ ছেগমেণ্টত ১৫% বজাৰ অংশীদাৰিত্ব লাভ কৰাৰ লক্ষ্য লৈছে।
ই-কমাৰ্চ আৰু আধুনিক বাণিজ্যিক চেনেলত আকৰ্ষণীয় অগ্ৰগতি অব্যাহত ৰাখিছে কোম্পানীটোৱে, য’ত ই এক বিশিষ্ট প্ৰতিষ্ঠান হিচাপে খুচুৰা বিপণীত ইন-ষ্ট’ৰ প্ৰদৰ্শনৰ বাবে নিজৰ বিনিয়োগ বজাই ৰখাৰ পৰিকল্পনা কৰিছে, কিয়নো এনে পদক্ষেপে অফটেক বৃদ্ধি কৰাত যথেষ্ট পৰিমাণে সহায় কৰিছে। ইয়াৰ উপৰিও সকলো স্তৰতে অফটেক বৃদ্ধি কৰি অনলাইন আৰু অফলাইন উভয়তে উপযুক্ত প্ৰচাৰ পদ্ধতি গ্ৰহণ কৰি আহিছে। বিশেষকৈ উত্তৰ ভাৰতত কোম্পানীটোৱে বিতৰণ নেটৱৰ্কো শক্তিশালী কৰি তুলিছে।
ইয়াৰ লগতে ব্লু ষ্টাৰৰ ‘গোল্ড ষ্টেণ্ডাৰ্ড চাৰ্ভিচ’ৰ মূল্য অফাৰ আৰু অতুলনীয় কাৰিকৰী দক্ষতা হৈছে উল্লেখযোগ্য শক্তি বা কাৰক, যিবোৰত কোম্পানীয়ে বিনিয়োগ অব্যাহত ৰাখিছে। এই এচিসমূহ সকলো বজাৰতে ফলপ্ৰসূভাৱে উপলব্ধ কৰিবলৈ ২,১০০ৰো অধিক সেৱা কেন্দ্ৰৰ এক সংহত নেটৱৰ্ক আছে। ইয়াৰ উপৰিও ইয়াৰ ১৫০তকৈও অধিক চাৰ্ভিচ ক্ৰু বাহনৰ বহৰ আছে যিয়ে সমগ্ৰ দেশতে নিৰ্ভৰযোগ্য বিক্ৰীৰ পিছৰ সেৱা সহজে উপলব্ধ কৰি আহিছে।
ব্লু ষ্টাৰ লিমিটেডৰ পৰিচালন সঞ্চালক বি থিয়াগৰাজনে এই বিষয়ে কয় যে, “ৰুম এচিৰ বজাৰখন ইনফ্লেকচন পইণ্ট(ৰূপান্তৰৰ শিখৰ)ত আছে আৰু অহা কেইবছৰমানৰ ভিতৰত ই লক্ষণীয়ভাৱে বৃদ্ধি পোৱাৰ দিশে গতি কৰিছে। অনুমান অনুসৰি ২০৩০ চনৰ ভিতৰত এই উদ্যোগৰ বজাৰখন দুগুণতকৈও অধিক হ’ব। আমাৰ বাবে এক বৃহৎ সুযোগ আনি দিছে কিয়নো ৮০ বছৰতকৈও অধিক সময়ৰ আমাৰ এচি খণ্ডৰ দক্ষতা আছে আৰু বজাৰখনত ভালদৰে শিপাই আছোঁ। ব্লু ষ্টাৰে ক্ৰমবৰ্ধমান চাহিদাক ফলপ্ৰসূভাৱে লাভৱান কৰিবলৈ দক্ষতা আৰু সামৰ্থ বৃদ্ধিৰ বাবে অনুসন্ধান আৰু বিকাশ তথা উৎপাদনৰ লগতে যোগান শৃংখলত উল্লেখযোগ্য বিনিয়োগ অব্যাহত ৰাখিছে। আমি আগন্তুক গ্ৰীষ্মকালীন ছিজন অধিক শক্তিশালী হ’ব বুলি আশা কৰিছো আৰু কোঠাৰ এয়াৰ কণ্ডিচনাৰৰ চাহিদা শক্তিশালী হ’ব বুলি আশা কৰিছোঁ। আমি নিশ্চিত যে আমাৰ আকৰ্ষণীয় ৰুম এচি বেটেলিয়নৰ সৈতে সকলো গ্ৰাহকৰ খণ্ড আৰু সঠিক মূল্যৰে আমি বজাৰত দ্ৰুতগতিত সমৃদ্ধি লাভ কৰিব পাৰিম।”