জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ চতুৰ্থখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ২২ জুনত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয়l শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণি সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে বৈঠকৰ উদেশ্য ব্যাখ্যা কৰেl সভাৰ আৰম্ভনিতে বিষ্ণু ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনাৰ্থে তেঁওৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে উপদেষ্টা ড০ অপৰাজিতা বৰকাকতী, ৰীতা শৰ্মা, ডঃ বীনা লহকৰৰ লগতে অন্যান্য সদস্যাই। ৰাভা দিৱসৰ লগত সংগতি ৰাখি সদস্যাসকলৰ মাজত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় l কুইজ মাষ্টাৰ অপৰ্ণা দেৱী আৰু ড০ মালা চলিহাৰ পৰিচালনাত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত সৰ্ব মুঠ ৯ টা দলে যোগদান কৰেl
প্ৰতিযোগিতাত মঞ্জুলা ৰাভা আৰু বিজু মেধিয়ে প্ৰথম, ভাৰতী চমুৱা আৰু ৰেণু ডেকাই দ্বিতীয়, ৰেখা বৈশ্য আৰু প্ৰণতি দেৱীয়ে তৃতীয় স্থান লাভ কৰেl বৈঠকত ড০ সন্ধ্যা পাঠকে তেওঁলোকে ভ্ৰমণ কৰা এখনি আদৰ্শ বিদ্যালয় “অক্ষৰা ফ’ৰামৰ ওপৰত সুন্দৰ ভাষণ ৰাখেl ৰুণুমী নাথে গীত পৰিৱেশন কৰে l বক্তৃতা প্ৰদান কৰে সমিতিৰ উপদেষ্টা যথাক্ৰমে ড০ অপৰাজিতা বৰকটকী, ৰীতা শৰ্মা, ড০ বীণা লহকৰ, অন্নপূৰ্ণা দেৱী আৰু ড০ মীনা দেৱী আৰু বীণাপানি গোস্বামীয়েl কবিতা আবৃত্তি কৰে সম্পাদিকা গীতিকা দাসেl প্ৰজ্ঞা গোস্বামীৰ সভানেত্ৰীৰ মন্তব্যৰ পাছতে শলাগৰ শৰাই আগবঢ়াই ড০ অপৰ্ণা গোস্বামীয়েl অসম সংগীতেৰে বৈঠকৰ সামৰণি পৰেl