ডেৰশ বছৰতকৈও অধিক পুৰণি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভা আনুষ্ঠানিকভাৱে ডিব্ৰুগড় পৌৰ নিগম হিচাপে পৰিগণিত হ’ল। আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন প্ৰমুখ্যে পাৰিষদসকলে শপতগ্ৰহণ কৰে। উল্লেখযোগ্য যে- গুৱাহাটী পৌৰ নিগমৰ পাছতেই ডিব্ৰুগড় পৌৰ নিগম ৰাজ্যৰ দ্বিতীয় পৌৰ নিগম হিচাপে পৰিগণিত হৈছে।
সৰ্বানন্দ সোণোৱালে শপতগ্ৰহণ কৰা প্ৰতিজন পাৰিষদক অভিনন্দন জনায় আৰু কয়, “ডিব্ৰুগড়ৰ পৌৰসভাৰ ইতিহাস ডেৰশ বছৰতকৈও অধিক পুৰণি। এই সময়ছোৱাত ডিব্ৰুগড়ৰ সৰ্বাংগীণ উন্নয়নৰ হকে পৌৰসভাই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। এতিয়া ডিব্ৰুগড় পৌৰসভা পৌৰ নিগমলৈ উন্নীত হ’ল। গতিকে ঐতিহাসিক চহৰখনৰ প্ৰতি পৌৰ নিগমৰ দায়িত্ব ক্ষিপ্ৰতৰ হ’ব। মোৰ দৃঢ় বিশ্বাস- ডিব্ৰুগড় পৌৰ নিগমে ডিব্ৰুগড় চহৰৰ সৰ্বাংগীণ উন্নয়নৰ হকে নিষ্ঠাৰে কাম কৰি যাব আৰু ডিব্ৰুগড়ক অসমৰ এখন জাকত-জিলিকা চহৰ হিচাপে গঢ়ি তুলিবলৈ ন ন পদক্ষেপ হাতত ল’ব।” ডিব্ৰুগড় পৌৰ নিগমৰ নতুন কাৰ্যালয় ভৱনৰো আজি শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সোণোৱালে লগতে কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায়েই তৃণমূল পৰ্যায়ৰ পৰাই গণতান্ত্ৰিক পৰিকাঠামোক সুদৃঢ় কৰাত গুৰুত্ব দি আহিছে। ডিব্ৰুগড় পৌৰ নিগমেও এইক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিব বুলি আমি দৃঢ় বিশ্বাসী। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে এই দিশত যথাসম্ভৱ সকলো সহযোগিতা আগবঢ়োৱা হ’ব আৰু বিভিন্ন পদক্ষেপ লোৱা হ’ব।” কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সৈতে লগতে উপস্থিত থাকে কেন্দ্ৰীয় প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰী প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল।