কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFৰ ১৭৫ বেটেলিয়ানৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত ২১ জুনত দিবা – নৈশ কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা বাহিনীটোৰ বীৰ শ্বহীদ জোৱান – বিষয়া সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৭৫ CRPFৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ১৭৫ বেটেলিয়ানৰ ছেকেণ্ড – ইন – কমাণ্ড মুন্না সিং আৰু মুকুণ্ড মহন, সহকাৰী কমাডেণ্ট জয় প্ৰকাশ, ৰাজীৱ ৰঞ্জনকে ধৰি বাহিনীটোৰ বিষয়া – জোৱান সকলোৱে বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
তাৰ পাছত বাহিনীটোৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত সৈনিক সন্মিলনখন অনুষ্ঠিত হয়। সন্মিলনত সম্বোধন কৰে কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই। তেওঁ CRPF বাহিনী গঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে আৰু সকলোকে নিয়মানুবৰ্তিতা মানি চলিবলৈ আহবান জনায়। সন্ধিয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত বাহিনীটোৰ কেবাজনো বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সন্তানে দেশপ্ৰেমমূলক নৃত্য, গীত আৰু আলেখ্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।