মেষঃ মেষ ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও আবেলি তিনি বজাৰ পিচত অসুস্থতাৰ যোগ দেখা যায়। আবেলিৰ পৰা মানসিক অশান্তিও বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত মধ্যমীয়া হ’ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসুকতা বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্ৰীড়াৰ স’তে জড়িত লোকৰ উন্নয়নৰ যোগ।
বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিক সুস্থতাৰ কাৰক। আগবেলাটো মনত কিছু অশান্তি থাকিব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি আৰু সন্দেহ বৃদ্ধিৰ যোগ। সাহিত্যিক , সমাজকৰ্মী আৰু সংবাদকৰ্মীয়ে কিছু সুফল পাব। আৰ্থিক, কৰ্ম, আৰু বাণিজ্যত লাভজনক হ’ব।
মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত মধ্যমীয়া কাৰক। আবেলিৰ পৰা দেহ আৰু মনৰ অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰো নিৰাশা থাকিব। ৰাজনীতিক, সমাজকৰ্মী আৰু সংবাদকৰ্মীৰ শুভ কাৰক। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি কাৰক।
কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থতাৰ যোগ। প্ৰেম আৰু পাৰিবাৰিকত অশান্তি থাকিব। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িতসকলে আৰ্থিক লাভৱান হ’ব পাৰে। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ আবেলিলৈ অশান্তি বৃদ্ধি হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক।
সিংহঃ সিংহ ৰাশিৰ বাবে আগবেলাটো শৰীৰৰ আৰু মনৰো অশান্তি হ’ব পাৰে। আবেলিলৈ কিছু শুভ কাৰক হ’ব। প্ৰেম আৰু পাৰিবাৰিক দিশত মধ্যম। শিক্ষাৰ্থীৰ মনৰ অস্থিৰতা বাঢ়িব। ক্ৰীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ কিছু সফলতাৰ যোগ। সমাজকৰ্মী আৰু ৰাজনীতিকৰ লাভৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ কিছু বাঢ়িব।
কন্যাঃ কন্যা ৰাশিৰ বাবে আবেলিৰ পৰা শৰীৰ অশান্তি কাৰক হ’ব। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বৃদ্ধি পাব। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত উন্নতি হ’ব।
তুলাঃ তুলা ৰাশিৰ বাবে আগবেলাটো শাৰীৰিক শুভ কাৰক হ’ব যদিও আবেলিৰ পৰা অশুভ কাৰক। মনৰ অশান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত সুখ-শান্তিত বাধা হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতি সাধন হ’ব। শিল্পী, সাহিত্যিক , ক্ৰীড়াবিদ, সংবাদকৰ্মীৰ উন্নতিৰ কাৰক যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য লাভৱান হ’ব।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে আগবেলাটো শৰীৰৰ অশুভ কাৰক যদিও আবেলিলৈ শুভ কাৰক। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত শান্তি থাকিব। শিল্পী, সাহিত্যিক, শিক্ষাৰ্থীৰ মানসিক চিন্তা বৃদ্ধি পাব যদিও উন্নতিৰ যোগ। সাংবাদিক আৰু সমাজকৰ্মত যুক্তসকলৰ কষ্টৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু শুভ ফল পাব।
ধনুঃ ধনু ৰাশিৰ বাবে আগবেলাটো শাৰীৰিকভাৱে শুভ কাৰক যদিও আবেলিলৈ অলপ অশান্তিৰ যোগ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থী, শিল্পীৰ মনৰ দুশ্চিন্তা আৰু অশান্তি বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ সন্মান লাভৰ কাৰক। বুদ্ধিজীৱী, সমাজকৰ্মীৰ সুফলদায়ক।
মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশুভ কাৰক যদিও আবেলিলৈ কিছু শুভ হ’ব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ অশান্তি আৰু সফলতা লাভত বাধা হ’ব। কৰ্মক্ষেত্ৰ, বাণিজ্য আৰু আৰ্থিক দিশত লাভৱান হ’ব।
কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। আবেলিৰ পৰা মনৰ কিছু অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব। সাহিত্য-সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰো উন্নতিৰ যোগ। কৰ্মক্ষেত্ৰ, বাণিজ্য আৰু আৰ্থিকত কিছু লাভদায়ক হ’ব।
মীনঃ মীন ৰাশিৰ বাবে আগবেলাটো শৰীৰৰ বাবে কিছু অশুভ যদিও আবেলিলৈ যথেষ্ট শুভ। মনৰ দুশ্চিন্তা থাকিব। শিক্ষাৰ্থী আৰু শিল্পীৰ মনত সংশয় আৰু অশান্তিৰ যোগ। সাহিত্য-সংস্কৃতি আৰু ক্ৰীড়াৰে যুক্ত লোকৰ সামান্য উন্নতি কাৰক যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ’ব পাৰে।