গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ তিনিওটা কাৰ্যালয়ে চলিত ২০২৩-২৪ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈ প্ৰথম তিনিমাহত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে চলিত বিত্তীয় বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩০ জুনলৈকে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ১০৯,১৯,৮৭,৮১৩ কোটি টকা। ইয়াৰ পূৰ্বে বিগত ২০২৩-২৪ বর্ষৰ প্ৰথম তিনি মাহত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৮৯,৫৪,৭৯,১১২ কোটি টকা।
অৰ্থাৎ বিগত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহতকৈ এইবেলি প্ৰায় ১৯.৬৫ কৌটি টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। ৰাজহ বৃদ্ধিৰ পৰিমাণ হল ২২ শতাংশ। বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে সদৰি কৰা ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ, যান – বাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিগত বৰ্ষৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছিল । অৱশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বকেয়া কৰ আদায় দিয়া নাই। আনকি জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা বাহনৰ গৰাকী সকলৰ সুবিধাৰ বাবে জিলা পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল।