কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জে পি নড্ডাক সৌহাৰ্দপূৰ্ণ সাক্ষাৎ কৰে। সোণোৱালে নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগমৰ অভিলাষী নেন’ ইউৰিয়া প্ৰকল্প ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ জে পি নড্ডাক আহ্বান জনায় আৰু প্ৰকল্পটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে আলোচনা কৰে, যাতে এই প্ৰকল্পটোৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ লগতে অসমৰ বাবে অৰ্থনৈতিক বিকাশ, উদ্যোগীকৰণ তথা নেন’ ইউৰিয়াৰ যোগান বৃদ্ধি কৰাত অগ্ৰণী ভূমিকা ল’ব পাৰে। এই প্ৰকল্প স্থাপনৰ বাবে পাঁচ বিঘা মাটি নিৰ্ধাৰণ আৰু হস্তান্তৰ কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰাসায়নিক আৰু সাৰ মন্ত্ৰী আৰু ৰাজ্যসভাৰ নেতা হিচাপে লোৱা নতুন দায়িত্বৰ বাবে জে পি নড্ডাক উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে সোণোৱালে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত কয়, “আজি মই কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাজ্যসভাৰ নেতা জে পি নড্ডা ডাঙৰীয়াক সাক্ষাৎ কৰি আনন্দিত হৈছোঁ। এই সৌহাৰ্দপূৰ্ণ সাক্ষাৎকালত আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত বিশেষ গুৰুত্ব দি অৰ্থনৈতিক উন্নয়ন আৰু ক্ষিপ্ৰ প্ৰগতি সম্পৰ্কীয় বহুতো বিষয় আলোচনা কৰিছোঁ। আমি নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগমৰ ক্ষমতা সম্প্ৰসাৰণৰ স্থিতি সম্পৰ্কেও আলোচনা কৰিছোঁ। নড্ডা ডাঙৰীয়াই আশ্বাস দিছে যে বিভিএফচিএল চৌহদৰ ভিতৰত নতুন নেন’ ইউৰিয়া প্ৰকল্পৰ নিৰ্মাণকাৰ্য কাৰ্যকৰী কৰিবলৈ শীঘ্ৰেই ৫০০ কোটি টকাৰ বিনিয়োগ কৰা হ’ব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নিৰন্তৰ প্ৰগতিৰ বাবে সবল ভূমিকা লৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইছেগতে আন্তৰিক ধন্যবাদ জনাইছোঁ। এই সাৰ প্ৰকল্পৰ কাৰ্যকৰীকৰণে যুৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ পথ প্ৰশস্ত কৰিব আৰু অৰ্থনৈতিক সমৃদ্ধি কঢ়িয়াই আনিব।”