দেশত নতুনকৈ বলবৎ হোৱা ‘নতুন অপৰাধ আইন ২০২৩’ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে বাইহাটা চাৰিআলি থানাৰ সৌজন্যত পহিলা জুলাইত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। গড়চুক থানাৰ সভাগৃহত বিয়লি অনুষ্ঠিত সজাগতা সভাত ‘নতুন অপৰাধ আইন ২০২৩’ৰ অধীনত নতুনকৈ বলবৎ হোৱা তিনিখন ফৌজদাৰী আইন ক্রমে, ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সন্দর্ভত বিতংভাৱে আলোচনা কৰা হয়।
বিশিষ্ট সমাজকৰ্মী আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন পাৰিষদ ব্ৰজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত গড়চুক থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজ্যোতি গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি পহিলা জুলাইৰ পৰা সমগ্র দেশত বলবৎ হোৱা তিনিওখন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হ’ব সেই বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে। সভাত বিশিষ্ট অধিবক্তা আব্দুল ৰেজ্জাকে ভাগ লৈ নতুন ফৌজদাৰী আইন সন্দর্ভত বিশেষ বক্তব্য প্রদান কৰি ব্ৰিটিছ আমোলৰ আইনৰ বিলুপ্তি ঘটাই নতুন আইন প্ৰণয়নৰ ফলত সাধাৰণ ৰাইজ উপকৃত হব বুলি ব্যক্ত কৰে । সজাগতা সভাত থানা এলেকাৰ গাঁওৰক্ষী বাহিনীসমূহৰ প্ৰতিনিধি , নাগৰিক কমিটি সমূহৰ প্ৰতিনিধি, বিভিন্ন সামাজিক সংস্থাৰ প্ৰতিনিধিকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আৰু বিভিন্ন দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।