গুৱাহাটীৰ জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ পাণ্ডু অঞ্চলৰ ভিন্ন স্থানত বিগত চাৰি-পাঁচদিন ধৰি বানপানীয়ে জনজীৱন ব্যাহত কৰে। আনকি ব্ৰহ্মপুত্ৰৰ পানীয়ে গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বৃহত্তৰ পাণ্ডুৰ ৭ নম্বৰ ৱাৰ্ডৰ টেম্পলঘাট, ৮ নম্বৰ ৱাৰ্ডৰ শিৱ মন্দিৰ, পাণ্ডু কেবিন তিনিপুখুৰী, পাণ্ডু কেবিন আৰু পুৰাণ বজাৰৰ অৰ্দ্ধ শতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলায়। তাৰ পাছতে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বানাক্রান্ত অঞ্চলত পাঁচটাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰে। বিগত চাৰিদিন ধৰি পাচঁটা আশ্ৰয় শিবিৰত শিশু, মহিলাকে ধৰি প্ৰায় ২৫০ জন লোকে আশ্ৰয় গ্ৰহণ কৰি আছিল যদিও সম্প্রতি ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট কমি যোৱাৰ লগে-লগে আজি পাণ্ডুৰ পাঁচটা অঞ্চলৰ বানাক্ৰান্ত লোক সকল আশ্ৰয় শিবিৰৰ পৰা নিজ গৃহাভিমুখে প্ৰত্যাৱৰ্তন কৰা বুলি জানিব পৰা গৈছে।
আনহাতে মূখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত আশ্ৰয় শিবিৰত থকা লোক সকলক খাদ্য সামগ্ৰী যোগান ধৰা আহিছিল । শেহতীয়া কৈ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু বিজেপি দলৰ জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি তথা গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন ডেপুটী মেয়ৰ কমল দেই জানিবলৈ দিয়া মতে পাণ্ডুৰ বান বিধ্বস্ত অঞ্চল সমূহ বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি বাসস্থানৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । লগতে পাণ্ডুৰ বন্যাৰ্তসকল আশ্ৰয় শিবিৰৰ পৰা নিজ গৃহাভিমুখে প্ৰত্যাৱৰ্তন কৰাৰ পিছত চিকিৎসক আৰু চিকিৎসা কৰ্মী দলৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব।