ৰাজ্যিক কেবিনেটৰ বৈঠকৰ পাছত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে মন্ত্রী ৰণোজ পেগুৱে। ৰাইজৰ উন্নয়ণৰ বাবে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত জনাই মন্ত্ৰীগৰাকীয়ে।
কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-
- ‘আপোন ঘৰ’ৰ ঋণ ১৫ লাখ টকাৰ পৰা ৩০ লাখলৈ বৃদ্ধি
- ঋণৰ ১% কৈ সুদ আদায় দিব চৰকাৰে
- ৰাজ্যিক চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা
- মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ সিদ্ধান্ত কেবিনেটৰ
- এবছৰতকৈ সৰু শিশু তুলি ল’লে পাব ১৮০ দিনৰ ছুটী
- কৃষি বিপণন পৰিষদৰ নিয়মীয়া কৰ্মচাৰীক VRSদিয়াৰ সিদ্ধান্ত
- ৬১২গৰাকী নিয়মীয়া কৰ্মচাৰীক VRSদিয়াৰ সিদ্ধান্ত চৰকাৰৰ
- VRSৰ বাবে পাবলগীয়া ধনৰ তুলনাত ১০% বেছিকৈ দিব চৰকাৰে
- ১৫ বছৰৰ বেছি কাম কৰা সকলে লাভ কৰিব ৬ লাখ টকা
- ৪৫ দিনৰ ভিতৰত VRS প্রক্রিয়া সম্পূৰ্ণ কৰাৰ চেষ্টা।