মৰিগাঁও জিলাৰ ভূৰাগাঁও অঞ্চলৰ বানপীড়িত লোক সকলৰ মাজত অপৰূপা নামৰ গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ মহিলা স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যা সকলে ১৩ জুলাইত খাদ্য আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰে। প্ৰায় এটা মাহ ধৰি পশুধনসহ মথাউৰিত আশ্ৰয় লৈ থকা লোক সকলৰ লগত সুখ -দুখৰ মত বিনিময় কৰি অপৰূপাৰ সদস্যা সকলে চাউল, দালি, তেল, নিমখ, আলু, চিৰা, বিস্কুট আদি বিতৰণ কৰে।
বিতৰণ কাৰ্যসূচীত অপৰূপাৰ প্ৰতিষ্ঠাপক সম্পাদিকা ৰুনা লাইলা, কাৰ্যকৰী সম্পাদিকা বন্দনা বৰুৱা, উপ সভানেত্ৰী ববী শইকীয়া, বিত্ত সম্পাদক ৰিপী উল্লাহ, বিষয়ববীয়া ক্ৰমে – চায়েষ্ঠা অঞ্জুম, নাজিমা বেগম, মেহজবিন চুলতানা, ডেইজী গগৈ, মৌচুমী হুছেইন, জোনমনি নাথ, জেউতি বনিক্য উপস্থিত আছিল। আনহাতে অপৰূপা সংগঠনটোৰ এই পদক্ষেপত সহযোগিতা আগবঢ়োৱাৰ বাবে সম্পাদিক ৰুনা লাইলাই ৰ’জী আহমেদ, আইচমা ফাৰুক, ফাৰহানা খান ৰচিদ, ইফটিচাম আফ্ৰিন, মৈত্র্যেয়ী শইকীয়া, এলিছা দ’না, মমিনা বেগম, মনালিছা, ৰিমা, টিনা, নাদিৰা আৰু মমী নাথক ধন্যবাদ জনায়।