মহানগৰীৰ দীনেশ গোস্বামী পথৰ আদাবাৰী বাছ আস্থানৰ সমীপত বৃহস্পতিবাৰে বিয়লি অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত জুই জ্বলি উঠাক কেন্দ্ৰ কৰি হুৱা দুৱাৰ সৃষ্টি হয়। জানিব পৰা মতে মাছখোৱাৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ এ এছ ২০ ২২৮৭ নম্বৰৰ বাছখন আদাবাৰী বাছ আস্থানৰ সন্মূখত বিয়লি ২ মান বজাত যাত্ৰীৰ বাবে ৰখোৱাৰ সময়তে হঠাৎ জুই জ্বলি উঠে। ফলত যাত্ৰী সকলৰ মাজত হাহাকাৰ অবস্থাৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ পাই কিছু নিলগত থকা পাণ্ডুৰ আপাদকালিন আৰু জৰুৰী সেৱাৰ এখন অগ্নিনিৰাপন কৰা এখন বাহন ঘটনাস্থলীত উপস্থিত হৈ তাৎক্ষণিকভাবে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ফলত যাত্ৰী সকলৰ লগতে বাছখন ৰখোৱা স্থানৰ ওচৰতে থকা এটা তেল ডিপো আৰু কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সোভাগ্যক্ৰমে ৰক্ষা পৰে। বৈদ্যুতিক ছৰ্ট চাৰ্কিটৰ ফলত বাছখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে অগ্নিনিৰ্বাপক বাহন সময়মতে উপস্থিত হোৱাৰ বাবে অধিক ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে বাছখন।