দেশবাসীৰ মাজত পৰিবেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে দেশজুৰি আৰম্ভ কৰিছিল “এক পেড় মা কে নাম” মে শীৰ্ষক গছপুলি ৰোপণ অভিযান। তেনেদৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পহিলা আগষ্টৰ পৰা অসম চৰকাৰৰ বন বিভাগে আৰম্ভ কৰিছিল “অমৃত বৃক্ষ আন্দোলন – ২০২৪” । অহা ১৫ আগষ্টত সামৰণি পৰিবলগীয়া এই আন্দোলনৰ জৰিয়তে ৰাইজ, শিক্ষাৰ্থী আৰু বিভিন্ন পক্ষৰ সহযোগত প্ৰায় তিনি কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF) ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ CRPF বেটেলিয়ানৰ উদ্যোগত আৰু ৰাণীৰ কলাগুৰু জাতীয় বিদ্যালয়ৰ সহযোগত কালি ৰাণী অঞ্চলত এক গছপুলি ৰোপণ অভিযান চলোৱা হয়। ১৭৫ CRPFৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত চলোৱা গছপুলি ৰোপণ অভিযানত ৰাণী খেলপথাৰ আৰু কলাগুৰু জাতীয় বিদ্যালয় চৌহদকে ধৰি তাৰ সমীপত অৰ্জুন, মহানিম, জামু, আমলখি , ভোমোৰা, কৃষ্ণচূড়া , ৰাধাচূড়াকে অসমৰ জলবায়ুৰ লগত খাপ খোৱা থলুৱা প্ৰজাতিৰ প্ৰায় ৫০০ টা গছপুলি ৰোপণ কৰা হয়।
গছপুলি ৰোপণ অভিযানত কলাগুৰু জাতীয় বিদ্যালয়ৰ প্ৰধান অধ্যক্ষকে ধৰি শিক্ষক – শিক্ষাৰ্থী, ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী মেঘা ঝা, চেকেণ্ড – ইন – কমাণ্ড মুকুণ্ড মোহন আৰু অমিত সিনহা, ডেপুটী কমাডেণ্ট ৰবি কুমাৰ শ্ৰীবাস্তৱ , চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰ, সহকাৰী কমাডেণ্ট জে পি কুমাৰকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া আৰু বহুসংখ্যক জোৱানে ভাগ লৈছিল। আনহাতে এই উপলক্ষে বিদ্যালয় চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত ভাগ লৈ বাহিনীটোৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণৰ বিকল্প নাই বুলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যাপকভাবে গছপুলি ৰোপণ কৰাৰ বাবে জনোৱা আহ্বানৰ তাৎপৰ্য দাঙি ধৰে।