উত্তৰ পূব ভাৰতৰ এক অগ্রণী চিমেন্ট ব্ৰেণ্ড টপচেম চিমেন্টে অলপতে অসমৰ দহখন বিদ্যালয়লৈ ক্রিকেট খেলৰ কিট বিতৰণ কৰে,ফলশ্রুতিত তিনিটা ছোৱালী ক্রিকেট দল আৰু সাতোটা ল’ৰা ক্রিকেট দল উপকৃত হয়। এই শেহতীয়া পদক্ষেপৰ উদ্দেশ্য হৈছে মূলত যুৱ ক্ৰীড়াৰ বিকাশ, জনসমাজৰ শাৰীৰিক সুস্থতা বৃদ্ধি, ক্রিকেট খেলৰ বিস্তাৰত সহায়তা প্রদানৰ লগতে বিদ্যালয় সমূহত ক্রিকেট খেলৰ সামগ্রী উপলব্ধ কৰা। এই পদক্ষেপে যুৱ অংশগ্রহণকাৰী সকলক অনুপ্রাণিত কৰিব। বেট, বল, পেড সহিতে অন্যান্য আবশ্যকীয় গিয়েৰ অন্তর্ভুক্ত খেলৰ কিট বিতৰণ কৰাৰ উদ্দেশ্যে হৈছে ল’ৰা ছোৱালীবোৰক তেওঁলোকৰ দক্ষতা বিকাশ আৰু যুৱ ক্রিকেটাৰ সৃষ্টি আৰু খেল এখন উপভোগ্য কৰিবৰ বাবে প্ৰয়োজনীয় সামগ্রী প্ৰদান কৰা।
এই সৌহার্দ্যপূর্ণ অনুষ্ঠানটোত ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক, পদ্মভূষণ সন্মানেৰে সম্মানিত বিশ্ববিশ্ৰুত ক্রিকেটাৰ সুনীল মনোহৰ গাভাস্কাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মেঘালয় চিমেন্ট লিমিটেডৰ সঞ্চালক শ্রীবজৰঙ লোহিয়া, মেঘালয় চিমেন্ট লিমিটেডৰ বিক্রী আৰু বিপণনৰ অধ্যক্ষ ড০ অনিল কাপুৰৰ বিশেষ উপস্থিতিত সুনীল মনোহৰ গাভাস্কাৰে গুৱাহাটীস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত আয়োজিত এক গাম্ভীর্য্যপূৰ্ণ অনুষ্ঠানত বাচনিভূক্ত বিদ্যালয়সমূহৰ প্ৰতিনিধিবৰ্গক ক্রিকেট খেলৰ সামগ্রীযুক্ত কিট বিতৰণ কৰে।
ভাষণ প্ৰসংগত শ্রীগাভাস্কাৰে এই পদক্ষেপটোৰ প্ৰতি তেওঁৰ উৎসাহ প্ৰদৰ্শন কৰি মন্তব্য ৰাখে,”এই বিষয়টো সমৰ্থন কৰাৰ প্ৰধান আৰু সৰ্বোৎকৃষ্ট কাৰণ এয়ে যে ক্রিকেট খেলৰ ক্ষেত্রখনত সুন্দৰকৈ পেছাদাৰী কেৰিয়াৰ বিকশিত কৰাত যাতে সহায়তা কৰিব পাৰো। টপচেম চিমেন্টে লোৱা পদক্ষেপক প্ৰশংসা কৰিছো যাতে যুৱকসকলৰ মাজত ক্রিকেটৰ দক্ষতা বৃদ্ধিত এই পদক্ষেপ অনন্য সহায়ক উপায় হ’ব পাৰে।
অনুষ্ঠানটোৰ বিশেষ বিষয় এয়ে আছিল যে বিদ্যালয় পৰ্যায়ৰ ছাত্রীসকলক ক্রিকেট খেলৰ ক্ষেত্রখনত সক্রিয় ভূমিকা গ্রহণ কৰিবলৈ উৎসাহিত কৰা। যুৱ খেলুৱৈসকলৰ মাজত লিঙ্গসমতা তথা তেওঁলোকক অনুপ্রাণিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে নতুন ফটাশিল টাউন হাইস্কুল, জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী ক্রিকেট দলক ক্রিকেট খেলৰ সামগ্রীযুক্ত কিট বিতৰণ কৰা হয়। কোম্পানীটোৱে বিভিন্ন প্ৰতিবন্ধকতাবোৰ দূৰ কৰি যুবতীসকলৰ বাবে ক্ৰীড়াকে ধৰি অন্যান্য ক্ষেত্রবোৰতো উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ সুযোগ সৃষ্টিৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰাত অগ্ৰাধিকাৰ দিয়ে। টপচেম চিমেন্টৰ মুখ্য অতিথি তথা ব্ৰেণ্ড এম্বেচেডৰ সুনীল মনোহৰ গাভাস্কাৰলৈ কৃতজ্ঞতা প্রকাশ কৰি মেঘালয় চিমেন্ট লিমিটেডৰ সঞ্চালক শ্রীবজৰঙ লোহিয়াই কয়,”টপচেম চিমেন্টে সৰ্বদায় বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে জনসমাজৰ সহায়তা বিষয়ক নতুন পদক্ষেপ গ্রহণ কৰি আহিছে। এইবাৰ ক্রিকেট খেলৰ ক্ষেত্রখনত এয়া এটা সুদূৰপ্ৰসাৰী পদক্ষেপ, যিটো প্ৰত্যক্ষভাৱে নৱযুৱক যুবতীসকলৰ বাবে অধিক ফলপ্রসূ হ’ব। পদ্মভূষণ সুনীল মনোহৰ গাভাস্কাৰলৈ তেওঁৰ অনুগ্রহপূর্বক উপস্থিতিৰে আমাৰ সন্মান জনোৱাৰ আৰু বিশেষকৈ এই উদ্দেশ্যটো সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো”।
তিনিখন ছোৱালী হাইস্কুলৰ তিনিটা ক্রিকেট দলৰ উপৰিও সাতখন স্কুলৰ সাতটা ল’ৰা ক্রিকেট দলকো ক্রিকেট খেলৰ সামগ্রীযুক্ত কিট বিতৰণ কৰা হয়। বিদ্যালয়কেইখনৰ নামসমূহ হ’ল, দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুল,পলাশবাৰী আঞ্চলিক হাইস্কুল, বৰগাওঁ কেতেকীঝাৰ হাইস্কুল, জাপমৰাবড়ী হাইস্কুল, নগাঁও জনতা হাইস্কুল, বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰূপকোঁৱৰ জ্যোতিপ্রসাদ বিদ্যাপীঠ নামেৰে মুঠ সাতখন হাইস্কুলৰ ল’ৰা ক্রিকেট দলকো তেওঁলোকৰ প্ৰশিক্ষণ তথা প্ৰতিযোগিতাৰ বাবে নতুন ক্রিকেট খেলৰ সামগ্রীযুক্ত কিট বিতৰণ কৰা হয়।
এই উদ্যোগটোৰ সন্দৰ্ভত মন্তব্য কৰি মেঘালয় চিমেন্ট লিমিটেডৰ বিক্রী আৰু বিপণনৰ অধ্যক্ষ ড০ অনিল কাপুৰে কয়,”মানসিক আৰু শাৰীৰিক উৎকৰ্ষৰ বিকাশত ক্ৰীড়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে আমি এই নিৰ্বাচিত বিদ্যালয়সমূহক ক্রিকেট খেলৰ সামগ্রীযুক্ত কিট প্ৰদান কৰি সামগ্রীকভাবে সমৰ্থন কৰিছো। যাতে তেওঁলোকে অধিক পেছাদাৰী তথা উন্নতভাবে খেলত মনোনিবেশ কৰিবলৈ সক্ষম হ’ব। টপচেম চিমেন্টে সৰ্বদায় এনে বিষয়বোৰত সমৰ্থন প্ৰদৰ্শন কৰি আহিছে আৰু অনাগত সময়তো এয়া বাহাল থাকিব।
ক্রিকেট খেলৰ সামগ্রীযুক্ত কিট আৰু গিয়েৰ বিতৰণ হৈছে ক্রিকেট খেলৰ প্ৰতি অনুপ্রাণিত কৰাৰ উদ্দেশ্যে। ছাত্র ছাত্রীসকললৈ টপচেম চিমেন্টৰ এয়া উদগণি মূলক বিস্তাৰিত প্ৰচেষ্টাৰ অংশস্বৰূপ। ক্রিকেট খেলৰ বতৰ সমাগত হোৱাৰ সময়ছোৱাত কোম্পানীটোৱে এই ক্রিকেট খেলৰ সামগ্রীযুক্ত কিটসমূহ শিক্ষার্থীসকলক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আৰু প্ৰদৰ্শনৰ বিকাশৰ ক্ষেত্রত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা ৰাখিছে।
সামগ্রীক উন্নয়ন বিষয়ক টপচেম চিমেন্টৰ প্ৰতিশ্ৰুতি এই পদক্ষেপৰ উপৰিও বহুধা বিভক্ত। বিশেষত কোম্পানীটোৱে শিক্ষা, স্বাস্থ্য, পৰিষ্কাৰ স্বচ্ছতা, সামূহিক বিকাশৰ সমান্তৰালভাৱে সামগ্রীক কল্যাণৰ বাবে স্হানীয় পৰ্যায়ত নিয়োজিত হৈ আছে। টপচেম চিমেন্টে সুনীল মনোহৰ গাভাস্কাৰক তেওঁৰ সাদৰ সমৰ্থন আৰু অনুষ্ঠানত সৌহার্দ্যপূর্ণ উপস্থিতি প্ৰদান কৰা সকলোকে আন্তৰিক প্ৰশংসা কৰে