লতাশিলৰ বিষ্ণু ৰ্নিমলা ভৱনত সোমবাৰে ১৯তম্ বৈদিক এষ্ট্ৰোলজিকেল ৰিচাৰ্জ চোচাইটি, ইণ্ডিয়ান ইনষ্টিটিউটৰ প্ৰতিষ্ঠা দিৱস আৰু জ্যোতিষ সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি অধ্যাপক ড০ কুমুদ শৰ্মা শাস্ত্ৰীৰ সভপতিত্বত বজাত অনুষ্ঠিত হয়। দিনৰ ১১ বজাত বিশ্ব শান্তি আৰু নৱগ্ৰহৰ শান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰে ড০ কুমুদ শৰ্মা শাস্ত্ৰী, বীৰেণ ঠাকুৰ, সৰ্বেশ্বৰ শৰ্মা, ড০ পল্লৱী শাস্ত্ৰীয়ে লগতে দামোদৰ দেৱৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে যতীন শৰ্মাই। ইয়াৰ পিছতে বন্দনা নৃত্য কৰে স্বস্তিকা শৰ্মাই। সভাত ৫০ গৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত ড০ হংসধৰ শৰ্মা, ড০ সুৰজিৎ হাজৰিকা, ড০ প্ৰবোধ শৰ্মা আদি বিশিষ্ট জ্যোতিষীক জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰা হয়। ইনষ্টিটিউটৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা পণ্ডিত মণ্ডলীক সম্বৰ্ধনা জনোৱা হয়। তিলক চন্দ্ৰ শৰ্মা, যতীন শৰ্মা, হৰগোবিন্দ শৰ্মা, সঞ্জয় শৰ্মা শাস্ত্ৰী আদিক বঁটা প্ৰদান কৰা হয়। সৰভোগৰ নিবাসী প্ৰেমহৰি শৰ্মা সহ কেইবাজন লোকক জ্যোতিষ সম্ৰাট উপাধি প্ৰদান কৰে। উক্ত অনুষ্ঠানটোত পানবজাৰস্থিত জিঅ’ জেমছ্ই জেনুইন্ প্ৰাইভেট লিমিটেডে্ সহযোগিতা আগবঢ়ায় ।