ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্যালয় চৌহদত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা বিষয়া – জোৱান , অভিযন্তাৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বি আৰ অ’ৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান হৰেন্দ্ৰ কুমাৰে। ভাষণ প্ৰসংগত হৰেন্দ্ৰ কুমাৰে দেশৰ স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ চৰম বলিদান , আত্মত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি ব্ৰিটিছৰ ২০০ বছৰীয়া গোলামিৰ অন্তত ১৫ আগষ্টত দেশে লাভ কৰা স্বাধীনতা দিৱসৰ দিনটোৰ ঐতিহাসিক তাৎপৰ্য দাঙি ধৰে।
একেদৰে বাহিনীটোৰ বিষয়া – জোৱান, অভিযন্তা সকলে নিজৰ জীৱনক তুচ্ছ কৰিও দেশৰ সীমান্তৰ অতি দুৰ্গম ঠাইত বাট , পথ, দলং, সুৰংগ আদি নিৰ্মাণ কাৰ্যত জড়িত হৈ যোগাযোগ ব্যৱস্থাটোৰ উন্নয়ন সাধনৰে দেশমাতৃৰ সেৱা আগবঢ়াই অহা কথাটোৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ইফালে অনুষ্ঠানত উপস্থিত থকা শিশু সকলৰ সৈতে মত – বিনিময় কৰাৰ লগতে তেওঁলোকৰ মাজত হৰেন্দ্ৰ কুমাৰে পতাকা, টুপী আৰু চকলেট বিতৰণ কৰি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । অনুষ্ঠানত নিষ্ঠাৰে কৰ্তব্য পালন কৰা বাবে স্বাধীনতা দিৱস উপলক্ষে বাহিনীটোৰ ফালৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰা দুই কৰ্মী ক্ৰমে ভূপেল সিং অধিকাৰী আৰু ৰাম প্ৰবেশ কুমাৰক সন্মান প্ৰদান কৰা হয়।