আজাৰা তালুক ভৱন প্ৰাংগণত কালি চতুৰ্থ কামৰূপ জিলা কাৰাটে প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লংকেশ্বৰ কাৰাটে গীল্ডৰ প্ৰতিযোগি সকলে ২০ টাকৈ পদক লাভ কৰি সুনাম কঢ়িয়াই আনে। গীল্ডৰ প্ৰশিক্ষক খগেন কলিতা,ৰাব্বা আহমেদ আৰু প্ৰতিস্মিতা দাসে জানিবলৈ দিয়ামতে গীল্ডৰ হৰ্ষিতা কাশ্যপ , মনজিষ্ঠা কলিতা আৰু প্ৰত্যাশা কলিতাই সোণৰ পদক লাভ কৰে।
কৃষ্টাঙ্গী দাস,জিষ্নু কাশ্যপ,গৌৰব জ্যোতি দাস,আৰিফ আলীয়ে ৰূপৰ পদক লাভ কৰে। উপস্যা কাশ্যপ , মৌচুমী দাস,মহৰ্ষি কাশ্যপ, বিটুপন দাস,ৰিয়ান কলিতা, হেমজ্যোতি দাস দুই,আৰ্টিকা কলিতা দুই হৰ্ষজিত কলিতা দুই আৰু তেহজিব ৰহমানে দুটাকৈ ব্ৰণ্জৰ পদক লাভ কৰে।