ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা টাটা মটৰ্ছৰ গুৱাহাটীৰ লখৰাস্থিত বিমল কাৰ্ছত মঙ্গলবাৰে গৌৰৱেৰে টাটা কাৰ্ভ – এছইউভি কপ মুকলি কৰা হয়। উক্ত বিশেষ অনুষ্ঠানত উপস্থিত থাকে চিএমডি ৰতন লাল সাৰাউগি, এমডি বিমল সাৰাউগি , চিইঅ’ অৰিহন্ত সাৰাৱাগি, চিইঅ’ অনুৰাগ সাৰাউগি, জিএম দীপংকৰ দাস, চিনিয়ৰ মেনেজাৰ প্ৰখ্যাত বৰুৱা আৰু চিনিয়ৰ মেনেজাৰ ঋষি খেমকা।
কোম্পানীটোৰ বাবে এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি আৰু এক অভিনৱ বডী ষ্টাইলত আইচিই বিকল্পৰ সৈতে দ্ৰুতগতিত বিকশিত হোৱা মধ্য-এছইউভি শাখাত প্ৰৱেশ কৰি, টাটা মটৰ্ছে তিনিটা ইঞ্জিন বিকল্পত কাৰ্ভ মুকলি কৰিছে, সকলোবোৰত এটা উন্নত ডুৱেল ক্লাচ স্বয়ংক্ৰিয় ট্ৰেন্সমিচন প্ৰদান কৰা হৈছে। শক্তিশালী নতুন হাইপাৰিয়ন গেছ’লিন ডাইৰেক্ট ইঞ্জেকচন ইঞ্জিন, ১.২ লিটাৰ ৰেভট্ৰন পেট্ৰ’ল ইঞ্জিন আৰু ডিজেলত খণ্ডটোৰ প্ৰথম ডুৱেল ক্লাচ ট্ৰেন্সমিচনৰ সৈতে নতুন ১.৫ এল ক্ৰাইঅ’জেট ডিজেল ইঞ্জিনৰ সৈতে কোম্পানীয়ে গ্ৰাহকসকলক বাছনি কৰিবলৈ বিকল্পৰ এক ভাল মিশ্ৰণ প্ৰদান কৰিছে।
কাৰ্ভ হৈছে সৰ্বশ্ৰেষ্ঠ সুৰক্ষা, ছেগমেণ্টৰ প্ৰথম বৈশিষ্ট, একাধিক আৰু অনন্য পাৱাৰট্ৰেইন বিকল্পৰ সৈতে এই ছেগমেণ্টৰ অন্যতম। ছটা পৃথক ৰঙত উপলব্ধ – গোল্ড এছেঞ্চ, ডেটোনা গ্ৰে, প্ৰিষ্টিন হোৱাইট, ফ্লেম ৰেড, পিউৰ গ্ৰে আৰু অপেৰা ব্লু। লগতে টাটা কাৰ্ভক একাম্পলিছড, ক্ৰিয়েটিভ, পিউৰ আৰু স্মাৰ্ট ব্যক্তিত্বত আগবঢ়োৱা হ’ব। টাটা কাৰ্ভ এনে এখন বাহন যি আধুনিক চালকৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে সফলতা, শৈলী আৰু বিলাসিতাৰ প্ৰতীক। ‘শ্বেপড টু ষ্টন’, ‘শ্বেপড ফৰ গ্ৰেণ্ডুৰ’, ‘শ্বেপড ফৰ পাৰফৰ্মেন্স’, ‘শ্বেপড ফৰ ইনোভেটিভ টেকন’লজি’ আৰু ‘শ্বেপড ফৰ এবছল্যুট ছেফটি’ৰ ৫টা মূল স্তম্ভৰ ওপৰত নিৰ্মিত, কাৰ্ভে ভাৰতৰ অন্যতম শক্তিশালী এছইউভি হিচাপে টাটা মটৰ্ছৰ স্থিতি দৃঢ় কৰিবলৈ সাজু হৈছে।