দেশৰ ৰাজহুৱা খণ্ডৰ অগ্ৰণী বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকে (SBI) তেওঁলোকৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত (চি এছ আৰ ) গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দৰিদ্ৰ আৰু প্ৰান্তীয় ছাত্ৰ – ছাত্ৰীৰ অহা – যোৱাৰ সুবিধাৰ বাবে ৪০ খন আসনযুক্ত কোম্পানীৰ আল্ট্ৰা বাতানুকুল বাছ এখন প্ৰদান কৰিছে। মঙ্গলবাৰে বিশ্ববিদ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প দাসক বাছখনৰ চাবি প্ৰদান কৰে এছ বি আইৰ মুম্বাইস্থিত কৰ্পৰেট মুখ্য কাৰ্যালয়ৰ উপ পৰিচালন সঞ্চালক ৰামা মোহন ৰাও অমৰাই।
চমু অনুষ্ঠানটোত SBIৰ গুৱাহাটী চক্ৰৰ মুখ্য মহা প্ৰবন্ধক সহদেৱন ৰাধাকৃষ্ণন, মহা প্ৰবন্ধক (নেটৱৰ্ক ট্যুৰ) ধ্ৰুবা চৰণ বলকে ধৰি SBIৰ কেবাজনো উচ্চপদস্থ বিষয়া, শ্ৰীমন্ত শংকৰ একাদেমি চছাইটিৰ সভাপতি যোশোদা ৰঞ্জন দাস, পঞ্জীয়ক অধ্যাপক দীপাংকৰ সাহাকে ধৰি বিশ্ববিদ্যালয়ৰ কেবাজনো বিষয়া, অধ্যাপক উপস্থিত থাকে। অনুষ্ঠানত উপাচাৰ্য ডঃ কন্দৰ্প দাসে বিশ্ববিদ্যালয়ৰ দৰিদ্ৰ আৰু প্ৰান্তীয় ছাত্ৰ – ছাত্ৰী সকলৰ অহা – যোৱাৰ সুবিধাৰ বাবে বাতানুকূল বাছ প্ৰদান কৰা বাবে SBIক ধন্যবাদ জ্ঞাপন কৰি কয় এই ব্যক্তিগত প্ৰতিষ্ঠানখনে বছৰ বছৰ ধৰি সমাজলৈ অৱদান আগবঢ়াই আহিছে। বিশ্ববিদ্যালয়খনে সকলোকে সুলভ আৰু মানসম্পন্ন শিক্ষা প্ৰদান শিক্ষা প্ৰদান কৰি আহিছে। প্ৰায় ৪০% ছাত্ৰ-ছাত্ৰী গুৱাহাটী আৰু ওচৰৰ অঞ্চলৰ পৰা অহা-যোৱা কৰে। সেয়েহে SBIৰ পৰা লাভ কৰা বাছখনে ছাত্ৰ-ছাত্ৰীসকলৰ অহা যোৱাৰ ক্ষেত্ৰত বিশেষ সুবিধা হ’ব l