ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশত, পথ-সুৰক্ষা, অসমৰ লিড এজেন্সীৰ মূৰব্বী গৌৰৱ উপাধ্যায় (আইপিএছ)ৰ বিশেষ তত্বাৱধানত বিজ্ঞানসন্মত পদ্ধতিৰে পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাৰ বিজ্ঞানসন্মত তদন্ত সন্দৰ্ভত বৃহস্পতিবাৰে মহানগৰীৰ পানবজাৰস্থিত আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয় ৷ নতুন দিল্লীৰ “চেভ লাইফ ফাউণ্ডেচন”ৰ সহযোগিতাত অনুষ্ঠিত কৰ্মশালাখনত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰিবহণ, আৰক্ষী, লোকনিৰ্মাণকে ধৰি পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়া-প্ৰতিনিধি সকলক পথ-দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ আসোঁৱাহ, দুৰ্ঘটনাৰ বিভিন্ন কাৰণ আদিৰ বিজ্ঞানসন্মত তদন্তৰ জড়িয়তে পথ-দুৰ্ঘটনাৰ লগত মোকাবিলা কৰি অনাগত দিনত কেনেকৈ দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰিব পাৰি সেই সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণত উপ আৰক্ষী আয়ুক্ত (প্ৰশাসন) ইমদাদ আলী, পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাস, সহকাৰী পৰিবহণ আয়ুক্ত সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াকে ধৰি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। উক্ত গুৰুত্বপূৰ্ণ কৰ্মশালাখন পৰবৰ্তী সময়ত ৰাজ্যৰ উজনি, নামনি আৰু উত্তৰ অসমত কেইবাটাও মণ্ডলত পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’ব।
উল্লেখ্য যে যোৱা দিনবিলাকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত আৰু ডিজিপি জি পি সিঙৰ তত্ত্বাৱধানত পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহৰ লগত হোৱা পৰ্যালোচনাত পথ দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা পৰ্যায়ক্ৰমে হ্ৰাস কৰাৰ প্ৰচেষ্টাৰে পৰিবহণ আৰু আৰক্ষী বিভাগে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। তাৰ ফলস্বৰূপে দেখা গৈছে অসমত যোৱা বছৰটোত প্ৰথম ছমাহত ১৬৩৯জন লোক নিহত হোৱাৰ বিপৰীতে এইবছৰত চৰকাৰ-বিভাগৰ বিশেষ তৎপৰতাত পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১২১৫জনলৈ হ্ৰাস পাইছে । মুখ্যমন্ত্ৰী গৰাকীৰ দুৰ্ঘটনামুক্ত অসমৰ আহ্বান ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত সময়োপযোগীভাৱে বিভিন্ন ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিব পাৰি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাসৰ পৰা। অৱশ্যে কামৰূপ মহানগৰকে ধৰি কিছুমান জিলাত পথ দুৰ্ঘটনা বৃদ্ধি হ’লেও আগন্তুক দিনত এই জিলা সমূহত পথ দুৰ্ঘটনা ৰোধৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পাৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ সূত্ৰত ৷