গুৱাহাটী মহানগৰীৰ গড়চুকৰ কাষৰীয়া পামহীৰ ডাকিনী পাহাৰৰ ওপৰত থকা ভীমাশংকৰ মন্দিৰত আজি সদৌ অসম টুৰিষ্ট গাইড সন্থা চমুকৈ আটোগুৱা’ৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত ভীমাশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক তথা মাউণ্ট এভাৰেষ্ট বিজয়ী হেনৰী ডেভিড টেৰণ, উদ্ভাৱনী (খেতি) শিতানত ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰপ্ৰাপ্ত তথা ভীমাশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সহ: সম্পাদক সুশীল টেৰণ, সভাপতি সনেশ টেৰণকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকি বিভিন্ন দিহা – পৰামৰ্শ আগবঢ়ায়। সভাত টুৰিষ্ট গাইড ক্ৰমে ৰিৰ্তুপল বৰদলৈ, বিপুল দাস, কনক দাস, মোস্তাক আহমেদ, বিপ্লৱজ্যোতি বৰ্মন, কন্দৰ্প বড়ো উপস্থিত পৰ্যটনৰ ক্ষেত্ৰখনৰ উন্নয়ন সন্দৰ্ভত মত – বিনিময় কৰে। ইয়াৰ উপৰিও চলিত ২০২৪ বৰ্ষৰ পৰ্যটনৰ মূল বিষয় “পৰ্যটন আৰু শান্তি” সম্পৰ্কে বক্তব্য আগবঢ়ায় জ্যেষ্ঠ টুৰিষ্ট গাইড তথা বৰ্তমান আটোগুৱাৰ সভাপতি ৰিৰ্তুপল বৰদলৈয়ে।
তাৰোপৰি ভীমাশংকৰ মন্দিৰলৈ অহা পৰ্যটকসকলৰ বাবে আনাগত দিনত থকা-খোৱাৰ বাবে হোম ষ্টে’ৰ সুবিধা কৰাৰ বাবে আলোচনা কৰা হয় । আনহাতে বৃহত্তৰ অঞ্চলটো জনজাতীয় প্ৰধান এলেকা হোৱাৰ বাবে জনজাতীয় ৰীতি-নীতি, পৰম্পৰা, সাজপাৰ ইত্যাদি সন্দৰ্ভত এটা সংগ্ৰাহালয় নিৰ্মাণ কৰিব পাৰি নেকি তাৰ বিষয়েও আলোচনা কৰা কৰা হয়। আনফালে ঐতিহাসিক ভীমাশংকৰ মন্দিৰৰ গাতে লাগি থকা ৰাণী-গড়ভঙা সংৰক্ষিত বনাঞ্চলত ট্ৰেকিং কেম্পিং, পক্ষী নিৰীক্ষণ ইত্যাদিৰ বাবে চৰকাৰৰ বন বিভাগ তথা পৰ্যটন বিভাগে নীতি-নিয়মৰ মাজেৰে পৰ্যটন সম্বন্ধীয় কাম-কাজবোৰ আগবঢ়াই নিয়াৰ বাবে উদ্যোগ গ্ৰহণৰ বাবে চৰকাৰলৈ আহ্বান জনোৱা হয়।