ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ মূখ্য কাৰ্যালয় ২৫ আৰু ২৬ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে পৰিদৰ্শন কৰে বাহিনীটোৰ উপ মহাপৰিদৰ্শক বি বি ভাইডে। পৰিদৰ্শন কালত উপ মহাপৰিদৰ্শক গৰাকীয়ে কামৰূপ জিলাৰ হাজোৰ সৰপাৰাত নিৰ্মাণ কৰিবলগীয়া প্ৰথম বেটেলিয়ানৰ প্ৰস্তাৱিত মূখ্য কাৰ্যালয় স্থান ভ্ৰমণ কৰি অঞ্চলটোৰ আন্তঃগাঠনি আদিৰ বুজ লয়। তেনেদৰে আই আই টি, গুৱাহাটী চৌহদত নেশ্যনেল ইনষ্টিটিউট ফৰ ডায়েষ্টাৰ মেনেজমেণ্টৰ ( এন আই ডি এম ) সহযোগত আৰু প্ৰথম এন ডি আৰ এফৰ উদ্যোগত চলি থকা দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক কৰ্মশালাত ভাগ লৈ বক্তৃতা প্ৰদান কৰে।
ইয়াৰ উপৰিও কৰ্মশালাৰ লগত সংগতি ৰাখি অনুষ্ঠিত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰি দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানত শেহতীয়াভাৱে নিৰ্মিত অত্যাধুনিক প্ৰযুক্তিৰ সা – সজুলি সমুহৰ বিষয়ে কৰ্মশালাত ভাগ লোৱা প্ৰতিনিধি সকলক অৱগত কৰে। ২৬ ছেপ্টেম্বৰত তেঁও পাটগাঁৱৰ প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ত বাহিনীটোৰ বিষয়া , জোৱান, উদ্ধাৰকাৰী সকলৰ সৈতেও মত – বিনিময় কৰে।