গুৱাহাটী ৰেলৱে ষ্টেচনত মঙলবাৰে বিয়লি এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ গুৱাহাটী বনাঞ্চলিক বিষয়া কাৰ্যালয়ে চৰকাৰী ৰেলৱে আৰক্ষী (GRP) ৰ সহযোগত গুৱাহাটী ৰেলৱে ষ্টেচনত চলোৱা এক অভিযানত ৰেলেৰে বহিঃ ৰাজ্যলৈ নিয়াৰ প্ৰাক মুহূৰ্তত ৩১ টা বিলুপ্ত প্ৰায় প্ৰজাতিৰ পিপলি চেং মাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত তিনিজন সৰবৰাহকাৰীক আটক কৰিছে অভিযানকাৰী দলটোৱে। আটক কৰা তিনিজনক ক্ৰমে – দৰং জিলাৰ দলগাঁওৰ আব্দুল কালাম ( ৩৬ ), শ্যামপুৰৰ হানিফ আলী ( ২৬ ) আৰু ছিপাঝাৰৰ চাহিজী আলম ( ২১ )! বুলি চিনাক্ত কৰা হৈছে। সন্দেহ কৰা মতে মাছখিনী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কৌশলৰে অনা হৈছিল আৰু ৰেলযোগে কলকাতালৈ নিয়াৰ কথা আছিল।
বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা ৰেলযোগে বহিঃ ৰাজ্যলৈ মাছ সৰবৰাহ কৰা হব বুলি গোপন সূত্ৰে জানিব পাৰি গুৱাহাটীৰ বনাঞ্চলিক বিষয়া হেমন্ত অধিকাৰীৰ নিৰ্দেশত কালাপাহাৰ, খানামুখ আৰু হেঙেৰাবাৰীৰ খণ্ড বন বিষয়া ক্ৰমে – প্ৰহ্লাদ গায়ন, জিন্তোমণি তালুকদাৰ আৰু বিদ্যুৎ দাসৰ নেতৃত্বত এটা বনকৰ্মীৰ দল দুপৰীয়াৰ পৰা গুৱাহাটী ৰেলৱে ষ্টেচনত খাপ পিটি আছিল। বিয়লি ২ টা কাৰ্টুনত মাছখিনি ৰেলৱে ষ্টেচন আহি পোৱাৰ পাছতেই বনকৰ্মীৰ দলটোৱে GRPৰ সহযোগত তিনিও সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। এই অভিযানত ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰল বুৰোয়ে সহযোগিতা আগবঢ়াইছিল।