গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখত বিগত বছৰ সমুহৰ দৰে এইবেলিও অহা ১৬ আৰু ১৭ অক্টোবৰত শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫২ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ কাৰ্যসূচী সূচাৰুভাৱে সম্পন্ন কৰিবলৈ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ আৰক্ষী বিষয়া অনিল বৈশ্যক সভাপতি, কেশৱ কলিতাক কাৰ্যকৰী সভাপতি, কনক চন্দ্ৰ বৈশ্য, কমলা কলিতা, ব্ৰজেন দাস আৰু মাণিক কলিতাক উপ সভাপতি, ধীৰাজ কলিতা ( দুলু) আৰু ৰতন কলিতাক যুটীয়া সাধাৰণ সম্পাদক, ধীৰাজ কলিতা (দুলু), অনিল কলিতা, কমল কাকতি, গৌতম দাস আৰু ৰাহুল কলিতাক সম্পাদক মণ্ডলী হিচাপে লৈ এখন কাৰ্যকৰী সমিতি আৰু কেবাখনো উপ-সমিতি গঠন কৰা হৈছে।
আনহাতে পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ১৬ অক্টোবৰত দিনৰ ১০ বজাৰ পৰা মহিলাৰ দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হব। প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলক বৰদা কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ৩,০০১ টকা, দ্বিতীয় বিজয়ী দলক অমৃত ঠাকুৰীয়া সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,৫০১ টকা, তৃতীয় বিজয়ী দলক প্ৰভাত চন্দ্ৰ কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,০০১ টকা, শ্ৰেষ্ঠ নামতিক আনন্দ মহন্ত সোঁৱৰণি বঁটাসহ নগদ ১,৫০১ টকা প্ৰদান কৰা হব। সন্ধিয়া ৫ বজাত মন্দিৰৰ বেদীত প্ৰতিমা আৰু ঘট স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। নিশা ৯.৩০ ৰাজনন্দিনী মিনি থিয়েটাৰ দলৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হব। ১৭ অক্টোবৰ দ্বিতীয় তথা শেহৰ দিনা পূৱা ৫ বজাত উষা কীৰ্তন, প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হব। বিয়লি ৪ বজাৰ পৰা বৃহত্তৰ খানামুখ অঞ্চলৰ আটাইকেইখন খেলৰ আয়তী সকলে সমূহীয়াভাবে নাম – কীৰ্তন পৰিৱেশন কৰিব। আনহাতে পূজাৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে।