ভাৰতৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড কামধেনু চিমেণ্টে বৃহস্পতিবাৰে অসমত বজাৰ মুকলি কৰে। মেচাৰ্ছ ৰাজশ্ৰী এনাৰ্জী ৰিচৰ্ছেচ, সোনাপুৰ গুৱাহাটীৰ সৈতে যৌথভাবে বজাৰ আগবঢ়াই নিব কোম্পানীটোৱে । কামধেনু চিমেণ্ট লিমিটেডে ইতিমধ্যে নিজৰ পৰিসৰ ১৩ খন ৰাজ্যলৈ সম্প্ৰসাৰিত কৰিছে, লগতে মেচাৰ্ছ ৰাজশ্ৰী এনাৰ্জী ৰিচৰ্ছেচৰ প্ৰমটাৰসকল চিমেণ্ট, চিৰামিক, ৰিফ্ৰেক্টৰী আৰু ৰিয়েল ইষ্টেট খণ্ডত ২০ বছৰতকৈ অধিক কাল অভিজ্ঞতাৰে পৰিপুষ্ট। কামধেনু চিমেণ্টৰ প্ৰথমখন ট্ৰাক প্ৰদীপ গুপ্তা য়ে মুকলি কৰে অনুষ্ঠানত লগতে উপস্থিত আছিল নৰেশ মিত্তল।
ভাৰতীয় আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে অসমত ব্যৱসায় আৰম্ভ কৰা ব্ৰেণ্ডটোৱে পৰ্যায়ক্ৰমে উত্তৰ-পূব ভাৰতৰ বজাৰসমূহত পৰিসৰ বৃদ্ধি কৰিব। “অসম আৰু উত্তৰ-পূব ভাৰত হৈছে বৃহৎ চিমেণ্টৰ চাহিদাৰ লগতে সম্ভাৱনাপূৰ্ণ বজাৰ। কামধেনু চিমেণ্টৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতৰ উপভোক্তাসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সময়ত নিজৰ মানদণ্ড আৰু নিৰ্ভৰযোগ্যতা বৰ্তাই ৰখা। অতুলনীয় শক্তি আৰু প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি দিয়া কামধেনু চিমেণ্টৰ সৈতে পৰিচয় দিবলৈ আমি উৎসাহী। এই যৌথ উদ্যোগটো আমাৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত।” মুকলি অনুষ্ঠানত এই মন্তব্য কৰে মেনেজিং পাৰ্টনাৰ সুনীল আগৰৱালাই।
কামধেনু চিমেণ্টে ইতিমধ্যে উত্তৰ ভাৰতৰ মুখ্য চহৰসমূহত আটাইতকৈ পছন্দৰ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিছে। কামধেনু চিমেণ্ট ইয়াৰ উৎকৃষ্ট মানদণ্ডৰ বাবে জনাজাত আৰু পৰীক্ষাগাৰত নিৰ্মাণ আৰু পৰীক্ষা কৰা হয় যি চিমেণ্টৰ প্ৰতিটো বেগত মানদণ্ড বৰ্তাই ৰখাতো নিশ্চিত কৰে। কোম্পানীয়ে সকলো ক্ষেত্ৰতে অত্যাধুনিক, লজিষ্টিক, বিতৰণৰ লগতে বিক্ৰীত সৰ্বশ্ৰেষ্ঠ পদ্ধতি গ্ৰহন কৰে।