ৰাজ্যৰ ২১ খন জিলাত আজিৰ পৰা কাৰ্যক্ষম হ’ব ৩৯খনকৈ উপ-জিলা৷ এই উপ-জিলাসমূহক ‘সম-জিলা’ হিচাপে নামাংকন কৰা লগতে ৰাজ্য চৰকাৰে এই সম-জিলাসমূহৰ সদৰ ঠাইৰ নাম ঘোষণা কৰিছে৷
উল্লেখ্য যে, অসমত প্ৰশাসনীয় সংস্কাৰৰ বাবে কেতবোৰ নতুন উপ-জিলা গঠন কৰাৰ সিদ্ধান্ত লৈছিল কেবিনেটে। আগষ্ট মাহত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ‘‘প্ৰশাসনিক কাম-কাজৰ সুবিধাৰ বাবে মুঠ ৮১ খন উপ-জিলা গঢ়ি তোলা হৈছে ৷ এই উপ-জিলাসমূহৰ দায়িত্বত থাকিব অতিৰিক্ত জিলা আয়ুক্ত ৷’ অসমৰ ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাননী জাৰি কৰি নতুন সম-জিলাসমূহ আৰু ইয়াৰ সদৰ ঠাইসমূহৰ নাম ঘোষণা কৰিছে৷ লগতে সম-জিলাৰ কাৰ্যালয়ত কি কি প্ৰশাসনীয় পদবী থাকিব সেয়াও উল্লেখ কৰিছে ৷