গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ অগ্ৰনী নাট্যগোষ্ঠী ”অংগনা” মুন্সী প্ৰেমচন্দৰ নাট “পূছ কী ৰাত” নাটখন গুৱাহাটীত মঞ্চস্থ কৰিবলৈ যো – জা চলাইছে। অহা ২৬ অক্টোৱৰৰ দিনা সন্ধিয়া ৫:৩০ বজাত গুৱাহাটীৰ জু – ৰোডৰ জুৰণি পথস্থিত “ছীগাল্” থিয়েটাৰত মুন্সী প্ৰেমচন্দৰ কাহিনীৰ আধাৰত নাটক “পুছ কী ৰাত”ৰ মঞ্চস্থ কৰা হব।
উল্লেখ্য যে নাটখনৰ পৰিচালনা এন এছ ডিৰ স্নাতক অমিত পাঠকৰ আৰু পৰিকল্পনা, এন এছ ডিৰ স্নাতক তথা খানামুখৰ জীয়ৰী উজ্জলা বৰ্মনৰ, পোহৰ, আফতাব হুছেইন , সংগীত অমিত পাঠক, আৱহ সংগীত নিয়ন্ৰণ, তৃষাণ বৰ্মনৰ। নাটখনত অভিনয় কৰিব ক্ৰমে – স্বপন দাস, উজ্জলা বৰ্মন, সত্যেন কুমাৰ শৰ্মা, উৎপল পাঠক, কংকন দাস, চন্দন বৈশ্য, চন্দন দাস, ব্ৰজেন দাস, নেইনা বেগম্, বন্দনা ককতিয়ে। ইতিমধ্যে মহুৰত সম্পন্ন হোৱা নাটখনৰ শিল্পী সকলে ধাৰাপুৰত আখৰাত ব্যস্ত হৈ আছে বুলি পৰিচালক অমিত পাঠকে জানিবলৈ দিছে।