‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ সৈতে সংগতি ৰাখি মঙ্গলবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া কমপ্লেক্সৰ পৰা ‘একতাৰ দৌৰ’ৰ ফ্লেগ্-অফ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিৱস – ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ প্ৰাকক্ষণত আয়োজিত অনুষ্ঠানটিত সোণোৱালে দেশক একত্ৰিত কৰি এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতৰ ভেটি স্থাপনৰ দিশত চৰ্দাৰ বল্লভভাই পেটেলৰ অমূল্য অৱদানৰ সন্দৰ্ভত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিও উপস্থিত থাকে। ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত এই অনুষ্ঠানটোৰ আয়োজন কৰে। এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীয়েও অংশগ্ৰহণ কৰে।
এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলে দেশৰ ঐক্য আৰু অখণ্ডতা সুদৃঢ় কৰি এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতৰ ভেটি স্থাপন কৰিছিল। তেওঁৰ জন্মবাৰ্ষিকীৰ প্ৰাকক্ষণত আমি এক শক্তিশালী ৰাষ্ট্ৰবাদৰ ধাৰণাক পুনৰুজ্জীৱিত কৰিবলৈ ‘একতাৰ দৌৰ’ৰ উদযাপন কৰিছোঁ। স্বৰাজোত্তৰ কালৰ অতি সংবেদনশীল আৰু প্ৰতিকূল সময়ত দেশখনক একত্ৰিত কৰাৰ দিশত চৰ্দাৰ পেটেলৰ অমূল্য অৱদানে ভাৰতবৰ্ষৰ শক্তিশালী ভেটি সুনিশ্চিত কৰিছিল। এই ভেটিৰ বাবেই আমি ২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছোঁ। আজি বিশেষকৈ যুৱক-যুৱতীসকলে এই ‘একতাৰ দৌৰ- ৰাণ ফৰ ইউনিটি’ত অংশগ্ৰহণ কৰি চৰ্দাৰ পেটেলৰ মহান আদৰ্শ উদযাপনৰ অংশ হোৱা কথাটোৱে মোক অপৰিসীম আনন্দ দিছে।”
এই দৌৰত সমাজৰ সৰ্বস্তৰৰ লোকে যোগদান কৰে। বিশেষকৈ যুৱক-যুৱতী আৰু বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট সংখ্যক উপস্থিতি আছিল লক্ষণীয়। অংশগ্ৰহণকাৰীসকলে উৎসাহেৰে সৰুসজাই ষ্টেডিয়ামৰ চাৰিওফালে নিৰ্মিত ৰাণ ইন ট্ৰেইল অনুসৰণ কৰি দৌৰ সম্পন্ন কৰে।
“২০১৪ চনৰ ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীক কেন্দ্ৰ কৰি প্ৰথমবাৰৰ বাবে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন কৰা হৈছিল, যি পৰম্পৰা প্ৰতিবছৰে অটুট আছে। দেশৰ জনসাধাৰণে ৰাষ্ট্ৰবাদৰ ধাৰণাক সুদৃঢ় কৰা মহান ব্যক্তিগৰাকীক স্মৰণ কৰি ভাৰতৰ ঐক্য আৰু অখণ্ডতা অটুট ৰখাৰ দিশত ঐক্যবদ্ধ সংকল্প দোহাৰি আহিছে। লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলদেৱে দেশৰ একতা, অখণ্ডতাৰ হকে অহোপুৰুষাৰ্থ কৰি এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ পথ প্ৰশস্ত কৰিছিল। চৰ্দাৰজীৰ মহান আদৰ্শক সাৰোগত কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মূলমন্ত্ৰেৰে দেশৰ প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাক সবল ৰূপত আগুৱাই নিছে। ভাৰত ৰত্ন চৰ্দাৰজীৰ অম্লান কৰ্মৰাজিয়ে দেশবাসীক সদায়েই অনুপ্ৰাণিত কৰি যাব।”, সোণোৱালে উল্লেখ কৰে।