গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ আঞ্চলিক যুৱ বিকাশ প্ৰজন্ম সমিতিয়ে আয়োজন কৰা খালী ভৰিৰে খেলা ফুটবল প্ৰতিযোগিতাখন আজিৰে পৰা ৰাণী নালাপাৰা হাইস্কুল খেলপথাৰত আৰম্ভ হৈছে। পুৱা পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি আনন্দ দাসে।
উল্লেখ্য যে ফুটবল প্ৰতিযোগিতাখনৰ প্ৰথম বিজয়ীক ট্ৰফীৰ সৈতে নগদ ৭,০০১ টকা আৰু দ্বিতীয় বিজয়ীক ট্ৰফীৰ সৈতে নগদ ৫,০০১ টকা প্ৰদান কৰা হব। লগতে শ্ৰেষ্ঠ গলকীপাৰক এযোৰ হেণ্ড গ্ল’ভছ আৰু শ্ৰেষ্ঠ খেলুৱৈগৰাকীক এযোৰ বুট জোতা প্ৰদান কৰা হব। ফুটবলৰ পিছত ক্ৰিকেট খেলৰ প্ৰতিযোগিতাও আয়োজন কৰিব বুলি সংগঠনটোৰ সভাপতি আনন্দ দাস, সম্পাদক ধীৰাজ ৰাভা, উপ–সভাপতি অমূল্য ৰাভা, সহঃসম্পাদক বুলবুল ৰাভাই সদৰি কৰিছে।